শোনিতপুৰ জিলাৰ বালিপৰাত অৱস্থিত উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ অভিজাত বিদ্যলয় আসাম ভেলী স্কুলত আজি IPSC ৰ অন্তৰ্গত সৰ্বভাৰতীয় পৰ্য্যায়ৰ "নৃত্যপ্ৰভা" নামৰে এক লোকনৃত্য প্ৰতিযোগীতা অনুষ্ঠিত কৰা হয়। আসাম ভেলী স্কুলৰ দ্যা উলিয়ামচন মেগৰ হলত অনুষ্ঠিত এই লোকনৃত্য প্ৰতিযোগীতাখনিত সমগ্ৰ ভাৰতবৰ্ষৰ মুঠ ১৬ খন বিদ্যালয়ৰ পৰা অহা লোকনৃত্যৰ দলে অংশগ্ৰহন কৰে। প্ৰতিটো দলৰ মনপৰশা নৃত্যই দৰ্শক ৰাইজক বাৰুকয়ে আকৰ্ষিত কৰি তোলে। সৰ্বভাৰতীয় পৰ্য্যায়ত অনুষ্ঠিত এই লোকনৃত্যৰ প্ৰতিযোগীতাত বিচাৰক ৰূপে উপস্থিত থাকে মোহময়ী অভিনেত্ৰী বৰষাৰাণী বিষয়া,মেঘৰঞ্জনী মেধি আৰু অন্য এগৰাকী সাংস্কৃতিক কৰ্মী।
Begin typing your search above and press return to search.