Begin typing your search above and press return to search.

শ্বহীদৰ পৰিয়ালে ঘুৰাই দিব চৰকাৰে দিয়া সন্মান

শ্বহীদৰ পৰিয়ালে ঘুৰাই দিব চৰকাৰে দিয়া সন্মান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 Jan 2019 7:54 AM GMT

অসম আন্দোলনত প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদ সকলৰ পৰিয়ালক অসম চৰকাৰে জনোৱা সন্মান দিছপুৰৰ চৰকাৰখনক ঘুৰাই দিব শ্বহীদৰ পৰিয়ালে। মংগলবাৰে লোকসভাত বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ গৃহীত কৰাৰ প্ৰতিবাদত অসম আন্দোলনৰ শ্বহীদৰ পৰিয়ালে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। চেণ্টিনেলৰ সৈতে হোৱা মুখামুখিত সদৌ অসম জাতীয় শ্বহীদ পৰিয়াল সমন্বয় ৰক্ষী পৰিষদৰ সভাপতি ৰাজেন ডেকাই কয় যে আমি অসমৰ বিজেপি চৰকাৰ খনে দিয়া সন্মান ওভটাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছো।

লোক সভাৰ মজিয়াত নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ গৃহীত কৰি কেন্দ্ৰীয় চৰকাৰে শ্বহীদৰ তেজ পানীতকৈও সুলভ হিচাপে প্ৰতিষ্ঠা কৰিলে। কেন্দ্ৰৰ সিদ্ধান্ত অসম আন্দোলনৰ শ্বহীদ সকলৰ প্ৰতি কৰা প্ৰত্যক্ষ অপমান যাৰ ফলশ্ৰুতিতে আমি এই পদক্ষেপ গ্ৰহণ কৰিব লগা হ'ল। দিছপুৰৰ বিজেপি শাসিত চৰকাৰ খনে অসম আন্দোলনৰ প্ৰত্যেক শ্বহীদ সকলৰ পৰিয়ালক পাঁচ লাখ টকা আৰু স্মাৰক প্ৰদান কৰিছিল।

অধিক খবৰৰ বাবে পঢ়ক শীৰ্ষ বাতৰি:

Next Story
চাকৰি