Begin typing your search above and press return to search.

শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ আগন্তুক কাৰ্যকালৰ পদাধিকাৰ হিচাপে নিৰ্বাচিত কমলাকান্ত গগৈ

শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ আগন্তুক কাৰ্যকালৰ পদাধিকাৰ হিচাপে নিৰ্বাচিত কমলাকান্ত গগৈ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 Dec 2018 1:23 PM GMT

উত্তৰ-পূব ভাৰতৰ সৰ্ব বৃহৎ ধৰ্মীয়, সাংস্কৃতিক আৰু সামাজিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পৰৱৰ্তী পদাধিকাৰ হিচাপে নিৰ্বাচিত হৈছে কমলাকান্ত গগৈ। আজি নগাঁৱৰ মূল কাৰ্যালয়ত অনুষ্ঠিত ভোটগননাত ঘোষণা কৰা হয় পদাধিকাৰ নিৰ্বাচনৰ ফলাফল। শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ প্ৰতিখন প্ৰাথমিকৰ পৰা অহা ভোট অনুসৰি কমলাকান্ত গগৈয়ে প্ৰতিদ্বন্দ্বী ড০ নৱকৃষ্ণ ৰাজখোৱাক পৰাজিত কৰি পদাধিকাৰ হিচাপে আগন্তুক দুবছৰ কাৰ্যকালৰ বাবে নিৰ্বাচিত হয়।

শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ নতুন পদাধিকাৰ হিচাপে নব নিৰ্বাচিত পদাধিকাৰ কমলাকান্ত গগৈয়ে অহা ফেব্ৰুৱাৰী মাহত মৰিগাঁৱত অনুষ্ঠিত হ’বলগীয়া সঙ্ঘৰ ৮৮ সংখ্যক বাৰ্ষিক অধিৱেশনত কাৰ্যভাৰ গ্ৰহণ কৰিব।

১৯৭১ চনৰ পৰা শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ একান্ত ভাৱে জড়িত হৈ থকা কমলাকান্ত গগৈয়ে ইয়াৰ পূৰ্বে তিনিটা কাৰ্যকালৰ বাবে উপ পদাধিকাৰৰ দায়িত্বত আছিল।

ইয়াৰ উপৰিও শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰচাৰ শাখাৰ সভাপতি আৰু সংঘৰ ডিব্ৰুগড় জিলাৰ সভাপতি হিচাপেও গগৈয়ে কাৰ্যনিৰ্বাহ কৰিছিল।

নামৰূপ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিস্থাপক শিক্ষক হিচাপে চাকৰিজীৱন আৰম্ভ কৰা গগৈয়ে ২০০৩ চনত অৱসৰ লৈছিল।

নতুন পদাধিকাৰ হিচাপে নিৰ্বাচিত গগৈয়ে ২০০৮ চনত ভাৰত চৰকাৰৰ বি আৰ আম্বেদকাৰ বঁটা লাভ কৰিছিল।

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নতুন পদাধিকাৰ হিচাপে নিৰ্বাচিত কমলাকান্ত গগৈৰ জন্ম ১৯৪১ চনৰ ২৫ অক্টোবৰত শিৱসাগৰ জিলাৰ মেজেঙা খঙীয়াগাঁৱত।

ফলাফল ঘোষণাৰ পাছতেই নৱ নিৰ্বাচিত পদাধিকাৰ গৰাকীয়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ আদৰ্শেৰে অসমৰ সকলো জাতি জনগোষ্ঠীৰ লোকক এক কৰি দয়া, প্ৰেম, ভাতৃত্বৰে সমাজখনক এক কৰাই প্ৰধান উদ্দেশ্য হ’ব বুলি সাংবাদিকৰ আগত ব্যক্ত কৰে।

" কিৰাট, কছাৰী, মিচিং, ৰাভা সকলোকে শংকৰদেৱৰ আধ্যাত্মিক আদৰ্শৰে কাম কৰি আমি বৃহত্তৰ অসমীয়া জাতি গঠনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব" এই বুলি উল্লেখযোগ্য কৰে নব নিৰ্বাচিত পদাধিকাৰ কমলাকান্ত গগৈয়ে।

অধিক খবৰৰ বাবে পঢ়ক শীৰ্ষ বাতৰি

Next Story
চাকৰি