শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ মৰিগাঁও জিলাৰ ব্যৱস্থাপনাত অনুষ্ঠিত হবলগীয়া ৮৮ সংখ্যক বাৰ্ষিক অধিৱেশনৰ আজি লাইখুটা স্থাপন কৰা হয়। শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকাই খোল তালৰ ধ্বনি, আয়তীৰ উৰুলী আৰু হাজাৰ ভকতৰ হৰি ধ্বনিৰ মাতত লাইখুটা ভাগি স্থাপন কৰে।
লাইখুটা স্থাপন অনুষ্ঠানতে এখন ৰাজহুৱা সভাও অনুষ্ঠিত হৈ যায়। পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত সভাখন উদ্ধোধন কৰে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ প্ৰধান সম্পাদক প্ৰফুল্ল চন্দ্ৰ বৰাই। এই সভাখনত উপস্থিত থাকে অসমৰ স্বাস্থ্য মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক স্বাস্থ্য আৰু নগৰ উন্নয়ন মন্ত্ৰী পীয়ুষ হাজৰিকা, মৰিগাঁওৰ বিধায়ক ৰমাকান্ত দেউৰী, বটদ্ৰবাৰ বিধায়িকা আঙুৰলতা ডেকাৰ লগতে ভালে কেইজন বিধায়কৰ লগতে মৰিগাঁওৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক আৰু শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ বহু সংখ্যক বিষয়ববীয়া উপস্থিত থাকে।
উক্ত সভাতেই ড° হিমন্ত বিশ্ব শৰ্মাই"মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়লৈ অসম চৰকাৰৰ তৰফৰ পৰা এই বিত্তীয় বৰ্ষৰ ভিতৰতে পাঁচ কোটি টকা আৰু শ্ৰীমন্ত শঙ্কৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ সৃষ্টিৰাজি ইংৰাজী ভাষালৈ অনুবাদৰ বাবে এক কোটি টকাৰ সাহাৰ্য সঙ্ঘলৈ আগবঢ়োৱা হ'ব বুলি ঘোষণা কৰে। সভাৰ শেষত ৮৮ সংখ্যক অধিৱেশনৰ আদৰণি সমিতিৰ সম্পাদক বাবুল বৰাই সমূহ অসমবাসীৰ উপস্থিতি আৰু সহযোগিতা কামনা কৰে।