Begin typing your search above and press return to search.

শ্ৰীলংকা বোমা বিস্ফোৰণত ১০ জন ভাৰতীয় নিহত: বিদেশ মন্ত্ৰী সুষমা স্বৰাজ

শ্ৰীলংকা বোমা বিস্ফোৰণত ১০ জন ভাৰতীয় নিহত: বিদেশ মন্ত্ৰী সুষমা স্বৰাজ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  23 April 2019 9:32 AM GMT

শ্ৰীলংকাৰ ধাৰাবাহিকতা বোমা বিস্ফোৰণত ১০ জন ভাৰতীয় নিহত হৈছে বুলি নিশ্চিত কৰিছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী সুষমা স্বৰাজে।

মংগলবাৰে টুইটাৰ যোগে বিদেশ মন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰে যে দেওবাৰে শ্ৰীলংকাত সংঘটিত হোৱা বোমা বিস্ফোৰণত এ মাৰেগওদা আৰু এইচ পুট্টাৰাজু নিহত হৈছে বুলি প্ৰকাশ কৰি দুখ ব্যক্ত কৰে। শ্ৰীলংকাৰ ধাৰাবাহিক বোমা বিস্ফোৰণত ৩০০ জন নিহত হৈছে আৰু ৫০০ ৰো অধিক আহত হৈছে বুলি প্ৰকাশ কৰে ।

আৰক্ষীৰ বিষয়া ৰুৱান গুনাচেকৰায়ে প্ৰকাশ কৰে যে শ্ৰীলংকা বোমা বিস্ফোৰণত ৫০০ ৰো অধিক লোক গুৰুত্ব ভাবে আহত হয় । ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত ৪০ জনক গ্ৰেপ্তাৰ কৰিছে । এই ঘটনাৰ লগত স্থানীয় ইছলাম সংগঠন নেচনেল থৌহীঠ জামা'থ জড়িত আছে বুলি প্ৰকাশ কৰে ।

দেওবাৰে শ্ৰীলংকাত হোটেল আৰু গীৰ্জাত ৮ টাকৈ বোমা বিস্ফোৰণ সংঘটিত হৈছিল । দেওবাৰে শ্ৰীলংকাৰ কলম্বোৰ বিভিন্ন প্ৰান্তত বোমা বিস্ফোৰণ সংঘটিত হোৱাৰ পাছত পুনৰ সোমবাৰে কলম্বোৰ গীৰ্জাৰ ওচৰত এখন ভেনত বোমা বিস্ফোৰণ সংঘটিত হৈছে। বোমাটো নিষ্ক্ৰিয় কৰিবলৈ চেষ্টা কৰাৰ সময়তে বিস্ফোৰণ সংঘটিত হয় বুলি প্ৰকাশ কৰিছে ।

কলম্বোৰ বাসস্থানৰ সমীপত ৪৭ বোমা উদ্ধাৰ কৰিছিল । দেওবাৰে সংঘটিত বোমা বিস্ফোৰণত ইষ্টাৰ দেওবাৰে নিহত ভাৰতীয় সকলৰ ভিতৰত ৪ জন জে ডিৰ সদস্য নিহত হৈছে বুলি প্ৰকাশ কৰে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী এইচ ডি কুমাৰাস্বামীয়ে ।

অন্য খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

Next Story
চাকৰি