দেশৰ উচ্চতম ন্যায়ালয়ে সংবাদ মাধ্যম সমূহলৈ নতুন নিৰ্দেশনা জাৰি কৰিছে।ধৰ্ষণৰ বলি হোৱা নাবালিকাৰ ফটো বা ভিডিঅ'সম্প্ৰচাৰত নিষেধাজ্ঞা আৰোপ কৰিছে উচ্চতম ন্যায়ালয়ে। মুখ ঢাকি বা অস্পষ্ট কৰা ফটো বা ভিডিঅ' কোনো সংবাদ মাধ্যমে ব্যৱহাৰ কৰিব নোৱাৰিব।ধৰ্ষিতাৰ গৰাকীৰ লগতে তেওঁৰ পৰিয়ালৰ সদস্যৰ কোনোধৰণৰ পৰিচয় ৰাজহুৱা কৰিব নোৱাৰিব বুলি কঠোৰ নিৰ্দেশনা জাৰি কৰিছে দেশৰ উচ্চতম ন্যায়ালয়ে।ধৰ্ষিতা তথা পৰিয়ালৰ ভৱিষ্যতৰ কথা চিন্তা কৰিয়েই এই নিৰ্দেশ দিয়া বুলি জানিব পৰা গৈছে।কোনো সংবাদ মাধ্যমে যদি উচ্চতম ন্যায়ালয়ৰ আদেশ অমান্য কৰে তেন্তে কঠোৰ ব্যৱস্থা লব বুলি জানিব পৰা গৈছে।
Begin typing your search above and press return to search.