Begin typing your search above and press return to search.

সংসদত ধৰ্ষণকাৰীৰ বিৰুদ্ধে নতুন আইন গৃহীত

সংসদত ধৰ্ষণকাৰীৰ বিৰুদ্ধে নতুন আইন গৃহীত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 Aug 2018 9:20 AM GMT

সংসদত সোমবাৰে গৃহীত হল শিশু ধৰ্ষণকাৰীৰ বিৰুদ্ধে নতুন আইন।দেশত অতি বিপুল হাৰত শিশু ধৰ্ষণৰ ঘটনা সংঘটিত হোৱা বাবে এই আইন বলবৎ কৰা হৈছে।সংসদত গৃহীত হ'ল এই কঠোৰ আইন খনৰ মতে বাৰ বছৰৰ তলৰ শিশুৰ ধৰ্ষনকাৰী মৃত্যুদণ্ডৰে দণ্ডিত হব।লোকসভাই প্ৰণয়ন কৰা অপৰাধী আইন (সংশোধন)ৰ পৰিৱৰ্তে এই আইন গৃহীত কৰা হৈছে।ৰাজ্যসভাত কেন্দ্ৰীয় গৃহৰাজ্য মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয় যে নাবালিকা ধৰ্ষণকাৰী সকলক অধিক শাস্তিৰ প্ৰয়োজন আহি পৰিছে,নহলে শিশু সকলক ধৰ্ষণ কৰিবলৈ ভয় নকৰা হৈছে অপৰাধী সকলে।লগতে ৰিজিজুৱে কয় যে নাবালিকা সকলক নিৰাপত্তা প্ৰদান কৰাৰ ক্ষেত্ৰত এই আইনৰ খনৰ যথেষ্ট প্ৰয়োজনীয়তা আহি পৰিছে। কিয়নো, দেশত অতি বিপুল হাৰত বৃদ্ধি পাইছে নাবালিকা ধৰ্ষণৰ ঘটনা । লগতে ৰিজিজুৱে উল্লেখ কৰে যে, ইতিমধ্যে চাৰিখনকৈ ৰাজ্যত বাৰ বছৰ তলৰ শিশুৰ ধৰ্ষণকাৰীক শাস্তি দিয়াৰ বাবে নিজাকৈ আইন প্ৰণয়ন কৰা হৈছে । এই ৰাজ্যকেইখন হৈছে মধ্য় প্ৰদেশ, ৰাজস্থান, হাৰিয়ানা আৰু অৰুণাচল প্ৰদেশ । আনহাতে এই আইন অনুসৰি এগৰাকী মহিলাক ধৰ্ষণ কৰা লোকৰ কাৰাবাসৰ সময় সাত বছৰৰ পৰিৱৰ্তে বৃদ্ধি কৰা হ'ল দহ বছৰলৈ । ১৬ বছৰৰ কম বয়সৰ কিশোৰী ধৰ্ষণকাৰীয়ে ১০ বছৰৰ পৰিৱৰ্তে ২০ বছৰ খাটিব লাগিব কাৰাবাস । সকলো ধৰণৰ ধৰ্ষণৰ গোচৰ দুই মাহৰ ভিতৰত সমাপ্ত হ'ব লাগিব । লগতে ১৬ বছৰৰ তলৰ কিশোৰীৰ ধৰ্ষণকাৰীয়ে লাভ নকৰিব কোনো অগ্ৰীম জামিন ।

Next Story
চাকৰি