সঞ্জয় দত্তৰ অনুৰাগীসকলৰ কাৰণে সুখবৰ আহি আছে মুন্না ভাই

অভিনেতা সঞ্জয় দত্তৰ অনুৰাগীসকলৰ কাৰণে সুখবৰ ৷ কাৰণ অহা বৰ্ষৰ জুনত বলীউডলৈ আহি আছে সঞ্জয় দত্ত অভিনীত "মুন্না ভাই ৩" । ৰাজকুমাৰ হিৰানী আৰু অভিজিত যোশীৰ চুপাৰহিট যুটিয়ে নিৰ্মাণ কৰা এই ছবিখনক লৈ যথেষ্ট উৎসুক চলচিত্ৰ প্ৰেমীসকলৰ ৷সম্প্ৰতি ৰাজকুমাৰ হিৰানী আৰু অভিজিত যোশী"মুন্না ভাই ৩"ৰ কাহিনীক লৈ ব্যস্ত হৈ পৰিছে ৷
ইফালে "মুন্না ভাই এম বি বি এছৰ"১ আৰু ২ নম্বৰ চিৰিজৰ দৰে সম্প্ৰতি নিৰ্মাণ কৰা মুন্না ভাই ৩ ত থাকিব সঞ্জয় দত্ত আৰু আৰ্শ্বাদ ৱাৰ্চী৷ লগতে থাকিব ব’মন ইৰানীৰ সহিতে বহুতো ন পুৰণি শিল্পী ৷ অন্যহাতে,ছবি খনত সঞ্জয় দত্তৰ বিপৰীতে অভিনয় কৰা অভিনেত্ৰী ৰ সম্পৰ্কে সম্প্ৰতি চিন্তা চৰ্চা কৰিছে ছবি নিৰ্মাতা ৰাজকুমাৰ হিৰানীয়ে ৷ এই ক্ষেত্ৰত হিৰানীয়ে কোনো নতুন অভিনেত্ৰীক ছবিখনৰ কাৰণে লোৱাৰ কথা ভাবিছে ৷ গতিকে দৰ্শকে অনাগত দিনত মুন্না ভাই ৩ ত কোনো নতুন মুখক চাবলৈ পাব ৷
এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি বলীউডৰ অন্যতম চৰ্চিত অভিনেতা বিকী কৌশলকো দেখা পোৱা যাব "মুন্না ভাই ৩" ছবিখনৰ চাকিটৰ চৰিত্ৰত ৷ কিন্তু এই খবৰ সদ্যহতে নাকচ কৰিছে বিকী কৌশল আৰু আৰ্শ্বাদ ৱাৰ্চীয়ে ৷ উল্লেখ্য যে, ২০০৩ চনত মুক্তি পোৱা প্ৰথমখন মুন্না ভাই এম বি বি এছে দৰ্শকৰ বিপুল সহাৰি পাবলৈ সক্ষম হৈছিল ৷ ৰাজ কুমাৰ হীৰানী আৰু বিধু বিনোদ চোপ্ৰাৰ পৰিচালনা আৰু প্ৰযোজনাৰে নিৰ্মিত ছবিখনত অভিনয় কৰিছিল সঞ্জয় দত্ত,আৰ্শ্বাদ ৱাৰ্চী,সঞ্জয় দত্তৰ পিতৃ সুনিল দত্ত,জিমী শ্বেৰগিল,ব’মন ইৰানী,গ্ৰেচী সিং আদিয়ে ৷
ইফালে ২০০৩ বৰ্ষত নিৰ্মিত মুন্না ভাই এম বি বি এছৰ লগত সংগতি ৰাখি ৰাজকুমাৰ হীৰানীৰ অন্য এখন ছবি হৈছে "লগে ৰহো মুন্না ভাই"৷ সঞ্জয় দত্ত,বিদ্যা বালান,আৰ্শ্বাদ ৱাৰ্চি,ব’মন ইৰানী,দিয়া মিৰ্জা,জিমী শ্বেৰগিলৰ অভিনীত "লগে ৰহো মুন্না ভাই "আছিল এখন বলীউডৰ এখন ছুপাৰহিট ছবি ৷ বহু কেইটা শিতানত পুৰস্কাৰ লাভ কৰিবলৈও সক্ষম হৈছিল "লগে ৰহো মুন্না ভাই" ছবিখনে ৷ বহু কেইটা ভাষাত "লগে ৰহো মুন্না ভাই "প্ৰদৰ্শিত হোৱাৰ লগতে বিদেশতো প্ৰদৰ্শিত হৈছিল ছবিখন ।
সম্প্ৰতি চলচিত্ৰ প্ৰেমীসকলৰ অপেক্ষা মাথো মুন্না ভাই ৩ মুক্তি পোৱালৈ ৷কাৰণ "মুন্না ভাই এম বি বি এছ"ৰ বাকী কেইটা চিৰিজলৈ লক্ষ্য কৰিলে আহিবলগীয়া "মুন্না ভাই ৩"য়ে বলীউডত ধুমুহাৰ সৃষ্টি কৰিব যেনেই লাগে ৷ কিন্তু ছবিখন মুক্তি পোৱাৰ পিছত বক্স অফিচত কেনে ধুমুহাৰ সৃষ্টি কৰিব সেয়া সময়েহে ক’ব ৷