Begin typing your search above and press return to search.

সত্ৰসমূহৰ ক্ষেত্ৰত উপায়ুক্ত সকলক সতৰ্ক কৰিবৰ কাৰণে ৰাজ্য চৰকাৰৰ বিশেষ সিদ্ধান্ত

সত্ৰসমূহৰ ক্ষেত্ৰত উপায়ুক্ত সকলক সতৰ্ক কৰিবৰ কাৰণে ৰাজ্য চৰকাৰৰ বিশেষ সিদ্ধান্ত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  29 April 2019 9:57 AM GMT

অসমৰ সত্ৰসমূহৰ পৰা অবৈধ লোকসকলক বহিস্কাৰ কৰিবৰ কাৰণে উপায়ুক্তসকলৰ ওচৰত কোনো আইনী শক্তি নাই ৷ এই সন্দৰ্ভত দিছপুৰে উপায়ুক্তসকল যাতে সতৰ্ক হৈ থাকে,তাৰ কাৰণে ভূমি সংশোধন আইনৰ ব্যবস্থা কৰিবৰ কাৰণে সংকল্প লৈছে ৷"অসমৰ ভূমি আৰু ৰাজহ নিয়ন্ত্ৰণ ১৮৮৬"য়ে উপায়ুক্তসকলক কেৱল চৰকাৰী ভূমিৰ পৰাহে, অবৈধ লোকসকলৰ ক্ষেত্ৰত অভিযান চলোৱাৰ কথা উল্লেখ আছে কাৰণে এই অধিনিয়ন সংশোধন কৰাৰ আৱশ্যকতা আহি পৰিছে ৷

অৱশ্য কংগ্ৰেছৰ ১৫ বছৰীয়া শাসন কালত এই বিষয়টোয়ে বিশেষকৈ চৰ্চা লাভ কৰিছিল ৷দিছপুৰত সৰ্বানন্দ সোনোৱালৰ নেতৃত্বাধীন বিজেপি চৰকাৰ আৰু মিত্ৰজোঁট চৰকাৰে অসমত প্ৰায়ে হৈ থকা ভূমি সমস্যাৰ সমীক্ষাক প্ৰাধান্য দিছিল। ইয়াৰ পিছতেই ৰাজহ আৰু আপাতকালীন বিভাগৰ দ্বাৰা কৰা এক সমীক্ষাত পোহৰলৈ আহে এই তথ্য ৷ অন্যহাতে বিগত লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ আগেয়ে বিভাগটোৱে এক বিশেষ ব্যৱস্থা লোৱাৰ সন্দৰ্ভত, কেবিনেটলৈ এক স্মাৰক পত্ৰ ঘোষণা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে ।

এই সন্দৰ্ভত মন্ত্ৰী পৰিষদে এখন মহত্ত্বপূৰ্ণ কেবিনেট বৈঠক আয়োজন কৰা বাকী আছে ৷ মন্ত্ৰী পৰিষদত এই বিষয়টোৱে মঞ্জুৰী পোৱাৰ পিছত ৰাজহ আৰু আপাতকালীন বিভাগে এখন বিধেয়ক তৈয়াৰ কৰিব ৷ আৰু এই বিধেয়কখনক শেষত অসম বিধানসভাত ৰখা হ’ব ৷ গুৱাহাটী উচ্চ ন্যায়ালয়েও অসম চৰকাৰক সমগ্ৰ ৰাজ্যৰ সত্ৰসমূহত বেদখল বিৰোধী অভিযাল চলাবলৈ নিৰ্দেশ দিয়ে ৷ অসম বিধানসভাৰ এক বিশেষ তথ্য অনুসৰি,প্ৰায় ২৩১ বীঘা আৰু ৪ কঠা সত্ৰ ভূমি বেদখল অন্তৰ্ভূক্ত ৷

চৰকাৰী তথ্য অনুসৰি বৰপেটাৰ শ্যামৰাই বিৰ্ঘ সত্ৰৰ দখলমুক্ত কৰা হৈছে ১২১ বিঘা আৰু ১৬ লোচা ভূমি ৷ ইয়াৰ পিছতে আছে কামৰূপ মেট্ৰ’ৰ আউনিআতি সত্ৰৰ ৫৪ বিঘা ভূমি। ধেমাজী জিলাৰ তিনিখন সত্ৰ দখলমুক্ত কৰা হৈছে। তাৰ ভিতৰত আছে চিমেন চাপৰি ৷ অন্যান্য সত্ৰসমূহৰ ভিতৰত আছে বঙাইগাঁৱৰ শ্ৰী ঠাকুৰ আটা সত্ৰৰ ২০ বিঘা ভূমি,যোৰহাট টিয়কৰ শ্ৰী শ্ৰী দক্ষিণ পাত সত্ৰৰ ১৫ বিঘা,মৰিগাঁৱৰ পাটেকেবাৰী সত্ৰৰ ১২বিঘা,একঠা আৰু ১৭ লোচা ভূমি,যোৰহাটৰ শ্ৰী শ্ৰী গড়মুৰ সত্ৰৰ ১ কঠা ১৯ লোচা ভূমি,ধুবুৰীৰ ৰামৰাই কুঠী সত্ৰৰ ২কঠা,৭ লোচা ভূমি দখলমুক্ত কৰা হৈছে ৷

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি