Begin typing your search above and press return to search.

সমাগত নিৰ্বাচনঃসাজু হৈছে অসম গণ পৰিষদ

সমাগত নিৰ্বাচনঃসাজু হৈছে অসম গণ পৰিষদ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  21 Feb 2019 7:56 AM GMT

সমাগত লোকসভা নিৰ্বাচন ৷গতিকে সাজু হৈছে সকলো ৰাজনৈতিক দল ৷ আগন্তক লোকসভা নিৰ্বাচনৰ কাৰণে শাসনাধীষ্ঠ বিজেপি দলৰ বিৰুদ্ধে এক ৰণনীতি তৈয়াৰ কৰিবৰ কাৰণে বুধবাৰে ৰমেন্দ্ৰ নাৰায়ন কলিতাক আহ্বায়ক হিচাপে লৈ গঠন কৰা সমিতি খনৰ ওপৰতে মিত্ৰতাৰ বিষয়টোৰ সিদ্ধান্ত লোৱাৰ দায়িত্বও দিয়া হয়। এই সমিতি খনে আগন্তক নিৰ্বাচনত অগপই ল’ব লগা সিদ্ধান্ত গ্ৰহণ কৰিব৷আনহাতে, দলটোৰ সাধাৰণ সম্পাহক ড° কমলা কলিতাই অকলেই প্ৰতিদ্বন্দিতা কৰাৰ কথা প্ৰকাশ কৰে। লগতে ড° কলিতাই কয় যে ৰাজনীতিত সকলো সম্ভৱ।

ইফালে অগপৰ সভাপতি অতুল বৰাৰ সভাপতিত্বত অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাত উপস্থিত নাথাকিল দলটোৰ প্ৰতিষ্ঠাপক সভাপতি তথা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত ৷ উল্লেখ্য যে বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ বিজেপি আৰু অগপৰ মিত্ৰতাৰ ভংগৰ ক্ষেত্ৰত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই গুৰুত্ব পূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল ৷নাগৰিকত্ব সংশোধনী বিধেয়কখন ৰাজ্যসভাত গৃহীত কৰিব নোৱাৰাটো অসম তথা উত্তৰ পূবৰ জনসাধাৰণৰ ঐক্যবদ্ধ সংগ্ৰামৰ ফল বুলি দলটোৱে অভিহিত কৰে৷

অন্যহাতে কাশ্মীৰত পুলৱামাত সংঘটিত আত্মঘাতী বোমা বিষ্ফোৰণত নিহত বীৰ শ্বহীদসকললৈ অগপৰ কাৰ্যনিৰ্বাহক সমিতিয়ে শোক প্ৰকাশ কৰি সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কঠোৰ স্থিতি ল’বলৈ দাবী কৰে ৷ কাৰ্যনিবাহক সভাখনত অগপই অসম তথা উত্তৰ পূবৰ সমস্যা সমাধানৰ বাবে সাতোখন ৰাজ্যৰ সমভাৱাপন্ন ৰাজনৈতিক দলসমূহে একতাৰে আগবাঢ়ি যোৱাৰ কাৰণে সিদ্ধান্ত লয় ৷ লগতে বুধবাৰে অনুষ্ঠিত বৈঠকখনত এখন উচ্চস্তৰীয় কমিটী আৰু ইস্তাহাৰ সমিতিও গঠন কৰে ৷ এক বিশেষ সূত্ৰৰ অনুসৰি ৰাজ্যৰ অনাগত নিৰ্বাচনৰ কাৰণে মিত্ৰতা কৰিবৰ কাৰণে নিমন্ত্ৰিত অধিকাংশ সদস্য উপস্থিত আছিল এই সভাখনত ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি