সমাগত লোকসভা নিৰ্বাচন ৷ সাজু হৈছে সকলো ৰাজনৈতিক দল ৷ কিন্তু সম্প্ৰতি লোকসভাৰ প্ৰাকক্ষণত স্পষ্ট হোৱা নাই নিৰ্বাচনৰ ইছ্যুসমূহ ৷ বিৰোধী পক্ষই কেৱল নাগৰিকত্ব সংশোধনী বিধেয়কক সাৰোগত কৰি নিৰ্বাচনৰ অন্যান্য ইছ্যুুসমূহক ধুসৰিত কৰি তুলিছে ৷ গতিকে প্ৰশ্ন হয় বিৰোধী দলে কেৱল নাগৰিকত্ব সংশোধনী বিধেয়কৰ বাহিৰে অন্যান্য বিষয়ক লৈ নিৰ্বাচনত আগবাঢ়িব পাৰিবনে? ইফালে ইয়াৰ মাজতে তেজপুৰ লোকসভা সমষ্টিৰ পৰা শ্ৰম আৰু নিয়োগ মন্ত্ৰী পল্লৱ লোচন দাসক প্ৰাৰ্থীত্ব প্ৰদান কৰে ৷
ইয়াৰ বিপৰীতে কংগ্ৰেছে এমজিভিকে ভানুক প্ৰাৰ্থিত্ব প্ৰদান কৰে ৷ এমজিভিকে ভানুৰ সন্দৰ্ভত মন্ত্ৰী পল্লৱ লোচন দাসে কয় যে ভানুয়ে নিজৰ চাকৰিৰ সেৱা যথেষ্ট ভালকৈ কৰিলে । কিন্তু ৰাজনীতি এটা পৃথক খেলা ৷ মানুহৰ সংস্কৃতি,জীৱনৰ ৰং বা জীৱনৰ অন্যান্য কাৰক সমূহ ৰাজনীতিত প্ৰতিবিম্বিত হয় ৷ অন্যহাতে এআইইউডিএফৰ তিনিজন বিধায়ক ক্ৰমে ধুবুৰীৰ এআইইউডিএফৰ সভাপতি বদৰুদ্দিন আজমল, কৰীমগঞ্জৰ পৰা ৰাধেশ্যাম বিশ্বাস আৰু বৰপেটাৰ ড° হাফিজ ৰফিকুল ইছলামৰ নাম ইতিমধ্যে নামাংকিত কৰা হৈছে ৷ অৱশ্যে কংগ্ৰেছে এতিয়ালৈকে ধুবুৰী,বৰপেটা আৰু গুৱাহাটীৰ কাৰণে প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই ৷
ইফালে অসম গণ পৰিষদেও বৰপেটা আৰু ধুবুৰীৰ নাম ঘোষণা কৰিবলৈ বাকী আছে ৷ কংগ্ৰেছৰ সম্ভাৱ্য প্ৰাৰ্থীসকলৰ ভিতৰত আছে বৰপেটাৰ কাৰণে আব্দুল খালেক আৰু শ্বেৰমান আলী,গুৱাহাটীৰ কাৰণে ববিতা শৰ্মা,ৰমেন বৰঠাকুৰ আৰু বলিন বৰদলৈ ৷ উল্লেখযোগ্য যে নগাঁৱৰ বিজেপি বিধায়ক ৰাজেন গোহাঁঞিয়ে এইবাৰ প্ৰতিদ্বন্দিতা নকৰে লোকসভা নিৰ্বাচনত। ধৰ্ষণৰ গোচৰত অভিযুক্ত ৰেল ৰাজ্যমন্ত্ৰী ৰাজেন গোহাঁঞিৰ যেতিয়ালৈকে গোচৰৰ মীমাংসা নহয় তেতিয়ালৈকে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব নোৱাৰে৷ এই সন্দৰ্ভত সংবাদ মাধ্যমৰ সন্মুখত ৰাজেন গোহাঁঞি আৰু তেওঁৰ পত্নীয়ে কয় যে তেওঁলোক এক ভীষণ ষড়যন্ত্ৰৰ সন্মুখীন হৈছে ৷
অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি