সম্প্ৰতি ৰাজ্য চৰকাৰ জাতি মাটি ভেঁটি সুৰক্ষাৰ কাৰণে প্ৰতিশ্ৰুতিবদ্ধঃলগতে চৰকাৰে এই প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈ আপোচ নকৰেঃমুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল

সম্প্ৰতি ৰাজ্য চৰকাৰ জাতি মাটি ভেঁটি সুৰক্ষাৰ কাৰণে প্ৰতিশ্ৰুতিবদ্ধঃলগতে চৰকাৰে এই প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈ আপোচ নকৰেঃমুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল
Published on

সম্প্ৰতি ৰাজ্য চৰকাৰে জাতি মাটি ভেঁটি সুৰক্ষাৰ কাৰণে প্ৰতিশ্ৰুতিবদ্ধ লগতে চৰকাৰে এই প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈ আপোচ নকৰে৷ভোগালী বিহুৰ উপলক্ষে নগাঁৱত হোৱা এক অনুষ্ঠানত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে (Sarbananda Sonowal)৷ লগতে ভূমি পুত্ৰ সকল কোনো কাৰণতে অসমত চিন্তাম্বিত হোৱাৰ কোনো কাৰণ নাই। এই মন্তব্য মুখ্যমন্ত্ৰী সোনোৱালৰ। অসম চুক্তিৰ প্ৰসংগ উত্থাপন কৰি মুখ্যমন্ত্ৰী সোনোৱালে কয় যে অসম চুক্তিৰ কেইবাবৰ্ষ পাৰ হৈ যোৱাৰ পিছতো বিগত চৰকাৰসমূহে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৷

অৱশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী চৰকাৰে অসম চুক্তিৰ ৬ নং দফাৰ ক্ষেত্ৰত উৎসাহজনক আৰু ব্যৱহাৰিক পদক্ষেপ হাতত লৈছে। এখন উচ্চ ক্ষমতাসম্পন্ন কমিটি গঠনো ৰাজ্যৰ লোকসকলৰ সাংবিধানিক সুৰক্ষাৰ কাৰণে কেন্দ্ৰৰ এক অন্যতম উদাহৰণ৷ লগতে মুখ্যমন্ত্ৰী সোনোৱালে কয় যে, আছুৰ নেতৃত্বসকলে বিছাৰিছে যে উচ্চ ক্ষমতা কমিটীয়ে আদৰণীয় পদক্ষেপ লওক ৷ যাতে চৰকাৰে অসমৰ জনসাধাৰণৰ কাৰণে বিশেষ অনুমোদন ল’ব পাৰে ৷ ছয় জনগোষ্ঠীৰ জনজাতি কৰণ বিধেযক খনৰ প্ৰসংগ উত্থাপন কৰি মুখ্যমন্ত্ৰী সোনোৱালে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে এই বিধেয়কখন লোকসভাত উত্থাপন কৰিছে ৷ মুখ্যমন্ত্ৰী সোনোৱালে কয় যে অসমৰ লোকসকলৰ যিকোনো অধিকাৰ যিকোনো পৰিস্থিতিত উলংঘন নহয়।

লগতে সৰ্বানন্দ সোনোৱালে কয় যে, ভূমি পুত্ৰ সকলৰ অধিকাৰৰ কাৰণে চৰকাৰে ১ দিনত ১১,৫০০ ভূমিহীন পৰিয়ালক ভূমি পট্টা প্ৰদান কৰিছে ৷লগতে এই প্ৰক্ৰিয়াটোক দ্ৰুত কৰিবৰ কাৰণে ৰাজ্যৰ প্ৰায় ১ লাখ লোকক ভূমি প্ৰদান কৰিব। ইয়াৰোপৰি ক্ষুদ্ৰ চাহ খেতিয়ক সকলক হিতৰ কাৰণে চৰকাৰে প্ৰায় ১,৩০ লাখ চাহ উৎপাদকক ভূমি পট্টা দিব।লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে দুৰ্নীতিমুক্ত,প্ৰদূষণ মুক্ত,উগ্ৰবাদ মুক্ত অসম গঢ়াৰ কাৰণে প্ৰয়াস অব্যাহত ৰাখিব ৷উল্লেখ্য যে, সদৌ নগাঁও ভোগালী বিহু উৎসৱ সমিতিয়ে আয়োজন কৰা অনুষ্ঠানটোত সভাপতি ড° নগেন কলিতা,কেন্দ্ৰীয় ৰেল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁই,নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা উপস্থিত থকাৰ লগতে নিজৰ মন্তব্য দাঙি ধৰে ৷ ইয়াৰোপৰি অসমৰ জনপ্ৰিয় অভিনেতা যতীন বৰা,অসম সাহিত্য সভাৰ মহাসচিব পদুম ৰাজখোৱাৰ লগতে অন্যান্য গণ্য মান্য ব্যক্তিসকল উপস্থিত আছিল ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com