Begin typing your search above and press return to search.

সময়সীমা বৃদ্ধিয়ে কোনো ধৰণৰ সমস্যা সমাধান নকৰে: অতুল বৰা

সময়সীমা বৃদ্ধিয়ে কোনো ধৰণৰ সমস্যা সমাধান নকৰে: অতুল বৰা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  14 Dec 2018 7:59 AM GMT

অসমত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ উন্নীতকৰণৰ ক্ষেত্ৰত দাবী আৰু আপত্তিৰ আবেদন প্ৰক্ৰিয়াৰ সময়সীমা উচ্চতম ন্যায়ালয়ে বৃদ্ধি কৰা প্ৰসংগত দিশপুৰৰ বিজেপি বিধায়ক অতুল বৰাই উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ লিখিত পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰত অতুল বৰাই উল্লেখ কৰে যে যেতিয়ালৈ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী কতৃপক্ষই ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সম্পুৰ্ণ খচৰাত অন্তৰ্ভূক্ত সন্দেহযুক্ত বিদেশীৰ নাম কৰ্তনৰ বাবে নিজাকৈ উদ্যোগ গ্ৰহণ নকৰে তেতিয়ালৈ এখন শুদ্ধ নাগৰিক পঞ্জী প্ৰকাশ কৰা সম্ভৱ নহয়।

বৃহস্পতি বাৰে সাংবাদিকৰে হোৱা বাৰ্তালাপত বিজেপিৰ বিধায়ক অতুল বৰাই কয় যে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ প্ৰকাশিত সম্পূৰ্ণ খচৰাত লাখ লাখ অবৈধ বাংলাদেশীৰ নাম ভূৱা নথি-পত্ৰৰে অন্তৰ্ভূক্ত হৈছে। নাগৰিক পঞ্জী কৰ্তৃপক্ষই এই অবৈধ নাগৰিক সকলৰ নাম কৰ্তন কৰিব লাগে আৰু নতুনকৈ যাতে কোনো বিদেশীৰ নাম অন্তৰ্ভূক্ত হব নোৱাৰে তাৰবাবে আগতিয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। উচ্চতম ন্যায়ালয়ৰ মুখ্যন্যায়াধীশলৈ লিখা পত্ৰত অতুল বৰাই উল্লেখ কৰে যে নতুনকৈ বৃদ্ধি কৰা ১৫ দিনটো বাদেই এবছৰ বৃদ্ধি কৰিলেও দাবী আৰু আপত্তিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ নহব। বিজেপি বিধায়ক জনে আকৌ কয় যে যিসমূহ অঞ্চলত সন্দেহযুক্ত নাগৰিকৰ অবস্থিতি বেছি সেই অঞ্চল সমূহত এন আৰ চি কেন্দ্ৰ সমূহ অধিক সক্ৰিয় কৰি তুলিব লাগে আৰু অন্তৰ্ভূক্ত নাগৰিক সকলৰ নথি-পত্ৰ সমূহ পুখানুপুংখাকৈ পুনৰীক্ষণ কৰিব লাগে। অতুল বৰাই এন আৰ চিৰ কামকাজত জড়িত থকা সন্দেহযুক্ত বিষয়াকো কামৰ পৰা অব্যাহতি দিব লাগে বুলি মত পোষণ কৰে।

অধিক খবৰৰ বাবে পঢ়ক শীৰ্ষ বাতৰি

Next Story
চাকৰি