"সাংবাদিক সকলে নিজৰ উচিত অধিকাৰৰ বাবে যুঁজ দিব লাগে" । সংবাদ মাধ্যমক গনতান্ত্ৰিকৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয় ।সাংবাদিক সকলে সাধাৰন ৰাইজৰ সমস্যা সমূহ দৃষ্টি নিক্ষেপ কৰাত সহায় কৰে কিন্তু সাংবাদিক সকলৰ দুদৰ্শা সমূহ কোনোক লোকৰ দৃষ্টিত নপৰে' বুলি পানেৰী বিধায়ক কমালী বসুমতাৰীয়ে যোৱা দেওবাৰে টংলাৰ প্ৰেসীডেঞ্ছী জুনিয়ৰ কলেজত অনুষ্ঠিত হোৱা সাংবাদিকক সম্বৰ্ধনা অনুষ্টানত মত প্ৰকাশ কৰে ।
অনুষ্ঠানৰ আয়োজন কৰে উদালগুৰি জিলা কমিটিৰ অসম প্ৰেছ কৰেচপন্দেচ ইউনিয়নৰ সহযোগিতাত টংলা প্ৰেছ ক্লাৱত ১৮ গৰাকী সাংবাদিকক সম্বৰ্ধনা জনায়।
অনুষ্ঠান খনত ইয়ং মিডিয়া পাৰ্চন বটাঁও প্ৰদান কৰা হয় ।তেওঁলোক ক্ৰমে বাপন শৰ্মা,দিগন্ত কুমাৰ শৰ্মা,ভুৱন থাপলিয়া আৰু গুনজিত দাস । অনুষ্ঠান খনত আক্ৰাছুৰ অধ্যক্ষ হেমন্ত বড়া কোচ,জ্যেষ্ঠ সাংবাদিক ইমৰান হুছেইন,নৱ কুমাৰ ডেকা আৰু অন্যান্য বিশিষ্ট অতিথি সকল ।