সাহিত্যচাৰ্য ড০ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য্যৰ দেহাৱসান

লোক সংস্কৃতিৰ গৱেষক, বিশিষ্ট ভাষাবিদ পণ্ডিত ড. প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্যৰ গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত পুৱতি নিশা ৪.৪০ বজাত মৃত্যু ঘটে ।ইন্দো-তিব্বতীয় ভাষাৰ গৱেষক তথা বড়ো ভাষাৰ প্ৰথম গৱেষক ভট্টাচাৰ্যৰ মৃত্যুৰ সময়ত বয়স আছিল ৯৩ বছৰ । শ্বাস-প্ৰশাস আৰু বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ ১ নৱেম্বৰৰ পৰা চিকিৎসাধীন হৈ আছিল ভট্টাচাৰ্য ।
ডঃ ভট্টাচাৰ্য্য গুৱাহাটী আলোচনা চক্ৰ, কাকলি মইনা পাৰিজাত, অসম প্ৰাকৃতিক কবি সন্মিলন, চানমাৰি সাহিত্য সভাৰ দৰে বিভিন্ন অনুষ্ঠানৰ সৈতে জড়িত আছিল । ভোলানাথ বৰুৱা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষগৰাকীয়ে ৰাজ্যখনৰ শিক্ষাৰ ক্ষেত্ৰখনতো উল্লেখনীয় অৱদান আগবঢ়াই আহিছিল ।
অসমীয়া থলুৱা কৃষ্টি-সংস্কৃতি তথা ভাষা-সাহিত্যলৈ অনন্য অৱদান আগবঢ়োৱা সাহিত্যাচাৰ্যগৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে অসংখ্য গুণমুগ্ধই ভিৰ কৰে নৱগিৰি নগৰস্থিত তেওঁৰ বাসগৃহত। তেওঁৰ মৃত্যুত অসম সাহিত্য সভাকে আদি কৰি ৰাজ্যখনৰ বিভিন্ন দল-সংগঠনে গভীৰ শোক প্ৰকাশ কৰিছে ।