সীমান্ত আৰক্ষী বাহিনীয়ে প্ৰস্তুত কৰি আছে বিদেশীৰ কমন ডাটা বেচৰ বিস্তাৰিত প্ৰকল্প তথ্য

অসম আৰক্ষীৰ সীমান্ত ৰক্ষী বাহিনীয়ে সন্দেহ যুক্ত ভোটাৰ আৰু বিদেশী ন্যায়াধীকৰণত গোচৰ চলি থকা সন্দেহযুক্ত বিদেশী সকলৰ বাবে প্ৰস্তাবিত কমন ডাটা বেচৰ বিস্তাৰিত প্ৰকল্পৰ তথ্য প্ৰস্তুতৰ কাম কৰি আছে। কমন ডাটা বেচ হল এনে এটা প্ৰকল্প যাৰ দ্বাৰা অতি সহজে সন্দেহ যুক্ত বিদেশী আৰু সন্দেহ যুক্ত ভোটাৰ সকলৰ সবিশেষ তথ্য পাব পৰা যাব। কেবল অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগ, নিৰ্বাচনী বিভাগ, বিদেশী ন্যায়াধীকৰণ আৰু সীমান্ত আৰক্ষীৰ হাততহে প্ৰস্তাবিত কমন ডাটাবেচৰ অধিকাৰ থাকিব।
প্ৰস্তাবিত কমন ডাটা বেচৰ ওপৰত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সম্পূৰ্ণ খচৰা প্ৰকাশ পোৱাৰ পিছত কাম কৰি থকা হৈছে। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ খচৰাত বিদেশী ন্যায়াধীকৰণত গোচৰ চলি থকা বহুতো সন্দেহ যুক্ত নাগৰিকৰ নাম অন্তৰ্ভূক্ত হৈছে। এনে অশুভ ঘটনাক প্ৰতিহত কৰাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী কতৃপক্ষ আৰু অসম চৰকাৰক সন্দেহযুক্ত বিদেশী সকলৰ বাবে কমন ডাটা বেচ প্ৰস্ততৰ নিৰ্দেশ দিছিল।
প্ৰথমে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী কতৃপক্ষই কমন ডাটাবেচ প্ৰস্তুত কৰাৰ কথা আছিল কিন্তু পিছত ৰাজ্য চৰকাৰক এই দায়িত্ব দিয়া হয়। চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ মুখ্য সচিব এল এচ চাংচানে চেন্টিনেলৰে হোৱা কথাবতৰাত জনাই যে সন্দেহযুক্ত বিদেশী আৰু ভোটাৰ সকলৰ বাবে প্ৰস্তাবিত ডাটাবেচৰ কাম কৰি থকা হৈছে ইতিমধ্যে ইয়াৰ বাবে প্ৰয়োজনীয় বিস্তাৰিত প্ৰকল্পৰ তথ্য প্ৰস্তত হৈ উঠিছে আমি অতিশীঘ্ৰে বিভাগীয় সকলো প্ৰতিনিধিৰ সহযোগত যাবতীয় কাম কাজ খিনি সম্পুৰ্ণ কৰি তুলিম। গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম চৰকাৰক মুকলি আদালতত কমন ডাটা বেচৰ অগ্ৰগতি সম্পৰ্কে জনাবৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে।
অধিক খবৰৰ বাবে পঢ়ক শীৰ্ষ বাতৰি