Begin typing your search above and press return to search.

নিৰ্ধাৰিত সময়তে লোকসভা নিৰ্বাচন অনুষ্ঠিত হব:মুখ্য নিৰ্বাচনী আয়ুক্ত

নিৰ্ধাৰিত সময়তে লোকসভা নিৰ্বাচন অনুষ্ঠিত হব:মুখ্য নিৰ্বাচনী আয়ুক্ত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  1 March 2019 12:19 PM GMT

লোকসভা নিৰ্বাচন পুৰ্বৰ নিৰ্ধাৰিত সময়তে হব বুলি আজি প্ৰকাশ কৰে মুখ্য নিৰ্বাচনী আয়ুক্ত সুনিল আৰোৰায়ে। ভাৰত- পাকিস্তানৰ মাজত যুদ্ধ সদৃশ পৰিস্থিতিৰ অব্যাহত আছে যদিও লোকসভা নিৰ্বাচন সময়ে হব বুলি প্ৰকাশ কৰে মুখ্য নিৰ্বাচনী আয়ুক্তয়ে। উত্তৰ প্ৰদেশৰ নিৰ্বাচনৰ বাবে ২ দিন ধৰি প্ৰস্তুতি চলোৱা হৈছে বুলি প্ৰকাশ কৰে ।

ভাৰতে পাকিস্তানৰ মাজত চলি থকা অশান্ত জৰ্জৰ পৰিবেশে দেশৰ কাম কাজ ৰোধ কৰিব নোৱাৰে । সমগ্ৰ দেশতে নিৰ্বাচন সময়তে হব বুলি প্ৰকাশ কৰে মুখ্য নিৰ্বাচনী আয়ুক্ত সুনিল আৰোৰাই । লগতে প্ৰকাশ কৰে যে প্ৰাৰ্থী সমুহে সময় মতে তেওঁলোকৰ তথ্য জমা দিব লাগিব ।

মুক্ত আৰু নিকা নিৰ্বাচনৰ উপৰত গুৰুত্ব দিয়া হৈছে বুলিও প্ৰকাশ কৰে CEC য়ে । C-Vigil এপ অতি সোনকালে মুকলি কৰা হব বুলি প্ৰকাশ কৰিব । এপৰ জৰিয়তে যিকোনো ব্যক্তিয়ে নিৰ্বাচনী সম্পৰ্কীয় গোচৰ ৰুজু কৰিব পাৰিব । লগতে ছছিয়েল মেডিয়াৰ ওপৰতো দৃষ্টি ৰাখিব বুলি প্ৰকাশ কৰে । ১,৬৩,৩৩১ টা ভোট কেন্দ্ৰ থাকিব আৰু প্ৰথম বাৰৰ বাবে VVPAT মেচিন ব্যৱহাৰ কৰা হব বুলি প্ৰকাশ কৰে ।

Next Story
চাকৰি