সুনীল আৰোৰা দেশৰ নৱ নিযুক্ত মুখ্য নিৰ্বাচনী আয়ুক্ত

মংগলবাৰে কেন্দ্ৰীয় চৰকাৰে নিযুক্তি দিলে দেশক নতুন মুখ্য নিৰ্বাচনী আয়ুক্ত সুনীল আৰোৰাক। দেশৰ পৰৱৰ্তী নৱ নিযুক্ত মুখ্য নিৰ্বাচনী আয়ুক্ত সুনীল আৰোৰাক নিযুক্তি দিয়ে ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে ৷এক অধিসূচনাৰ জৰিয়তে এই কথা প্ৰকাশ কৰে বিধি মন্ত্ৰ্যালয়ে ৷ ইফালে সুনীল আৰোৰাই চলিত বৰ্ষৰ ডিচেম্বৰৰ পৰা নৱ নিযুক্ত মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিব ৷
অন্যহাতে নিৰ্বাচনী আয়ুক্ত ওম প্ৰকাশ ৰাৱটে কাৰ্যভাৰৰ পৰা অব্যাহতি ল’ব ১ ডিচেম্বৰত ৷ নিৰ্বাচন আয়োগৰ প্ৰবক্তাৰ ভাষ্য অনুসৰি সুনীল আৰোৰাই ২ ডিচেম্বৰৰ পৰা কাৰ্যভাৰ গ্ৰহণ কৰিব। উল্লেখ্য যে,সুনীল আৰোৰা ১৯৪০ চনত ভাৰতীয় প্ৰশাসনিক সেৱাৰ ৰাজস্থান কেডাৰৰ এজন বিষয়া আছিল ৷ লগতে দেশৰ নৱ নিযুক্ত নিৰ্বাচনী আয়ুক্ত সুনীল আৰোৰা কেন্দ্ৰীয় চৰকাৰৰ জনসংযোগ বিভাগৰ সচিব ৰূপেও কৰ্মৰত আছিল ।
ইয়াৰোপৰি বিত্ত আৰু বস্ত্ৰৰ লগতে বিভিন্ন যোজনা আয়োগৰ বিভিন্ন পদত সেৱা আগবঢ়াইছিল দেশৰ নৱ নিযুক্ত নিৰ্বাচনী আয়ুক্ত সুনীল আৰোৰাই ৷ উল্লেখযোগ্য যে,১৯৯৩ চনৰ পৰা ১৯৯৮ চনলৈ সুনীল আৰোৰা ৰাজস্থান মুখ্যমন্ত্ৰীৰ সচিবৰ লগতে ২০০৫ চনৰ পৰা ২০০৮ চনলৈ মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব হিচাপে নিযুক্ত আছিল দেশৰ নৱ নিযুক্ত নিৰ্বাচনী আয়ুক্ত সুনীল আৰোৰা ৷
অন্য খবৰৰ বাবে পঢ়ক: শীৰ্ষ বাতৰি