Begin typing your search above and press return to search.
সুৰা নিষিদ্ধ কৰাৰ ক্ষেত্ৰত আবকাৰী বিভাগৰ বিশেষ পদক্ষেপ

ৰাজ্যৰ আবকাৰী বিভাগে সুৰা নিষিদ্ধ কৰিবৰ কাৰণে বিশেষ পদক্ষেপ হাতত ল’ব। আবকাৰী আয়ুক্ত ৰাকেশ কুমাৰৰ মন্তব্য অনুসৰি চলিত বৰ্ষৰ ১ এপ্ৰিলৰ পৰা বিভাগে সুৰা নিষিদ্ধ কৰাৰ ক্ষেত্ৰত এক বিশেষ পদক্ষেপ হাতত ল’ব ৷ চুলাই তৈয়াৰ কৰাৰ ক্ষেত্ৰত লালিগুৰ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত এক বিশেষ নিয়ম তৈয়াৰ কৰিব ৷
ইফালে বিভাগে ৰাজ্যৰ স্বাস্থ্য বিভাগক প্ৰথমতেই মিথানেলক এক বিষাক্ত দ্ৰব্য ৰূপে ঘোষণা কৰাৰ কাৰণে নিৰ্দেশ দিয়ে বিভাগে ৷ আবকাৰী আয়ুক্ত ৰাকেশ কুমাৰৰ মন্তব্য অনুসৰি এই সকলোবোৰৰ এক মাত্ৰ উদ্দেশ্য হৈছে ৰাজ্যখনত যিকোনো পৰিস্থিতিতে সুৰা সেৱন কৰি মৃত্যু হোৱা দৰে যাতে ঘটনা আৰু সংঘটিত নহয়।
অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি
Next Story