Begin typing your search above and press return to search.
সেনাৰ ৭ বিষয়া-জোৱানক যাৱজ্জীৱন কাৰাদণ্ড

১৯৯৪ চনৰ ২৩ ফেব্ৰুৱাৰীত ভাৰতীয় সেনাই তিনিচুকীয়াৰ তালাপত ভুৱা আলফা সজাই ৫ যুৱকক হত্যা কৰা ঘটনাৰ গোচৰৰ ৰায়দান দিনজানস্থিত সেনা আদালতৰ।হত্যাকাণ্ডটোৰ লগত জড়িত সেনাৰ ৭ বিষয়া-জোৱানক যাৱজ্জীৱন কাৰাদণ্ড বিহা হৈছে । ১৮নং পঞ্জাব ৰেজিমেণ্টৰ দলে উঠাই নি নৃশংসভাৱে হত্যা কৰিছিল দেৱজিত বিশ্বাস, অখিল সোণোৱাল, ভৱেন মৰাণ, প্ৰবীণ সোণোৱাল আৰু প্ৰদীপ দত্ত নামৰ যুৱককেইজনক।সুদীৰ্ঘ ২৪ বছৰ পিছত সেনা আদালতে গোচৰৰ ৰায় দিয়াত ন্যায় পালে দুৰ্ভগীয়া পৰিয়ালকেইটাই । সেনা আদালতৰ ন্যায়ত সন্তুতি প্ৰকাশ স্থানীয় ৰাইজৰ।
Next Story