শিক্ষা বিভাগে শিক্ষা খণ্ডলৈ নতুন সং যোজন কৰা গুণোৎসৱে দ্বিতীয় বৰ্ষত ভৰি দিলে ।দ্বিতীয় বৰ্ষৰ প্ৰথম পৰ্যায়ৰ গুণ উৎসৱ চৰাইদেউ জিলাৰ সাপেখাতী শিক্ষা খণ্ডৰ অধিনৰ বিদ্যালয় সমুহতো সোমবাৰৰ পৰা তিনিদিনীয়া কাৰ্য্যসূচীৰে আৰম্ভ হল দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ ।
বৰহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মঙ্গলবাৰে বিদ্যালয় খনৰ প্ৰাক্তন ছাত্ৰ তথা শক্তিমন্ত্ৰী ও গড়কাপ্তানি বিভাগৰ ৰাজ্যিকমন্ত্ৰী তপন কুমাৰ গগৈয়ে অংশগ্ৰহণ কৰি ছাত্ৰ ছাত্ৰী সকলৰ সৈতে মত বিনিময় কৰাৰ উপৰিও ৰান্ধনী শাল পৰিদৰ্শন কৰে ।
মন্ত্ৰী গৰাকীৰ সৈতে জিলা উপায়ুক্ত বিবেকানন্দ ফুকনেও অংশ গ্ৰহণ কৰে ৷ সাপেখাতী শিক্ষা খণ্ডৰ অধীনৰ মুঠ ৩১৫ খন বিদ্যালয়ত অনুস্থিত হৈছে দ্বিতীয় পৰ্যায়ৰ গুনোৎসৱ ৷