Begin typing your search above and press return to search.

সোণাৰিৰ কলাকটাত ভয়ংকৰ পথ দূৰ্ঘটনা

সোণাৰিৰ কলাকটাত ভয়ংকৰ পথ দূৰ্ঘটনা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  19 Sep 2018 7:34 AM GMT

চৰাইদেউ জিলাৰ সোণাৰিৰ কলাকটাত এক ভয়ংকৰ পথ দূৰ্ঘটনা সংঘটিত হৈছে ৷ সাপেখাতীৰ পৰা অৰুণাচলৰ ৰাংলোৱা বজাৰলৈ গৈ থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰিল এখন মেক্স পিক আপ ৷ গুৰুতৰভাৱে আহত হোৱাত আটাইকে ডিব্ৰুগড়ৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ ৷ সোণাৰিৰ কলাকটাত পুৱাতেই এখন ব্যৱসায়ী কঢ়িওৱা মেক্স পিক আপ ভান দুৰ্ঘটনাত পতিত হৈ ১১ গৰাকীকৈ লোক গুৰুতৰ ভাৱে আহত হয় ৷ সাপেখাতীৰ পৰা এ এছ ০৪ এ চি ৬৬৮২ নম্বৰৰ এখন মেক্স পিক আপ ভানেৰ এঘাৰ গৰাকী ব্যৱসায়ী সহ সামগ্ৰী কঢ়িয়াই অৰুণাচলৰ ৰাংলোৱাত অনুস্থিত সাপ্তাহিক বজাৰলৈ বুলি গৈ থকা পথতেই কলাকটাত এটি গাহৰিৰ পোৱালিৰ প্ৰাণ বচাৱলৈ যাওঁতেই নিয়ন্ত্ৰণ হেৰুৱাই গাড়ীখন বাগৰি পৰাত আটাইকেই গৰাকী যাত্ৰীয়ে গুৰুতৰভাৱে আহত হয় ৷ আহত আটাইকে স্থানীয়লোকে উদ্ধাৰ কৰি সাপেখাতী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্ত্তি কৰে যদিও আটাইৰে অৱস্থা অধিক সংকটজনক হোৱাত চিকিৎসকে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে ৷ আহতলোক কেইজন ক্ৰমে অনুজ মালাকাৰ (৩৫), সঞ্জীৱ বনিক (৩৫),দিপক ৰায় (২২),বিতুপন দে (৪০), ৰিতু নন্দী(২৫) ,সপন দে (৪৫) , অৰুণ বনিক (৫৮) ৷

Next Story