Begin typing your search above and press return to search.

সৰু পৰ্দাত শ্বাহৰুখ খান,কিন্তু কেনেকৈ?

সৰু পৰ্দাত শ্বাহৰুখ খান,কিন্তু কেনেকৈ?

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  19 Sep 2018 8:17 AM GMT

বলীউদৰ বাদশ্বাহ,শ্বাহৰুখ খানক শেহতীয়াকৈ ২০১৭বৰ্ষৰ আগষ্টত মুক্তি পোৱা ইমিতাজ আলীৰ 'জব হেৰী মিট চেজেল' ছবি খনত অনুষ্কা শৰ্মাৰ বিপৰীতে দেখা গৈছিল। সেই তেতিয়াৰ পৰা বৰ্তমানলৈ শ্বাহৰুখক কোনো ছবি দেখা হোৱা নাই সেয়ে তেওঁৰ অনুগামী তথা আমি সকলোৱে তেওঁক পুনৰ বাৰ টিভি পৰ্দাত চাবলৈ অপেক্ষা কৰি থকা হৈছে।

এক সু-খৱৰ,যিটো খৱৰে হয়তো শ্বাহৰুখৰ সকলো অনুৰাগীৰ মুখত হাঁহি আনিবলৈ সক্ষম হ'ব। ৫৩বছৰীয়া অভিনেতা জনক পুনৰ সৰু পৰ্দাত দেখা পোৱা যাব।হয়,বলীউদ বাদশ্বাহ হিচাপে জনপ্ৰিয় হোৱা এইগৰাকী অভিনেতাই 'কিং অৱ ৰোমেঞ্চ'ৰ জৰিয়তে জীৱন যাত্ৰা আৰম্ভ কৰাৰ লগতে দুখনকৈ ধাৰাবাহিক 'ফৌজি' আৰু 'চাৰ্কাচ' উদ্যোগত নিজৰ নাম স্থাপিত কৰে।

বৰ্তমানৰ নৱ প্ৰজন্মই নেদেখা শ্বাহৰুখ খানৰ প্ৰাথমিক টেলিভিছন অভিনয়ৰ দিনসমূহ পুনৰ বাৰ সৰু পৰ্দাত দেখিবলৈ পাব। দূৰদৰ্শনৰ ৫৯সংখ্যক প্ৰতিষ্ঠা দিৱসৰ পৰাই অৰ্থাৎ ছেপ্তেম্বৰৰ ২২তাৰিখৰ পৰা প্ৰতি শনিবাৰ আৰু দেওবাৰে নিশা ৯বাজি ৩০মিনিটত চাৰ্কাছ ধাৰাবাহিক সম্প্ৰসাৰিত হ'ব।

শ্বাহৰুখ খানৰ 'চাৰ্কাছ' ধাৰাবাহিক খনত সুনিল সিন্দে,ৰেখা চাহাই,ৰেনুকা চাহানে,সমীৰ খাক্কাৰ আৰু আশুতষ গুৱাৰিকাৰে অভিনয় কৰিছিল।শ্বাহৰুখ খানে চেকৰানৰ চৰিত্ৰটিত অভিনয় কৰিছিল।ধাৰাবাহিক খনৰ নিৰ্দেশক আজিজ মিৰ্জা আৰু কুন্দন শ্বাহ।

শ্বাহৰুখ খানৰ জীৱন আৰম্ভ হোৱা ধাৰাবাহিক খন উপভোগ কৰিবলৈ বৰ্তমানৰ নৱ-প্ৰজন্ম সকলে অধীৰ উল্লাহৰে অপেক্ষা কৰি আছে।

Next Story
চাকৰি