Begin typing your search above and press return to search.

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ গুৱাহাটীত নতুন উৰনীয়া সেতুৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভি

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ গুৱাহাটীত নতুন উৰনীয়া সেতুৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  6 March 2019 9:49 AM GMT

গুৱাহাটীৰ যাতায়াত ব্যৱস্থাত নতুন সংযোজন | ৰাধাগোবিন্দ বৰুৱা পথৰপৰা গণেশগুৰিৰ বিষ্ণু ৰাভা উৰণীয়া সেতুক সংযোগ কৰি নিৰ্মাণ হ'বলগীয়া নতুন উৰণীয়া সেতুৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে মাননীয় মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে।

ৰাজ্য চৰকাৰৰ স্ব-অগ্ৰাধিকাৰ পুঁজিৰ ২০১৮-১৯ প্ৰকল্পৰ অধীনত ৫৮.৭৪ কোটি টকা ব্যয় সাপেক্ষে ৰাধা গোবিন্দ বৰুৱা পথৰ পৰা গণেশগুৰি বিষ্ণু ৰাভা সেঁতুলৈ নিৰ্মাণ হ’ব ৩১৫.১৩৮ মিটাৰ দৈৰ্ঘ্যৰ নতুন উৰণীয়া সেঁতুখন। গুৱাহাটীবাসীৰ বাবে এয়া আনন্দৰ বতৰা, এয়া সাধাৰণ চহৰ নহয়, দক্ষিণ-পূব এছিয়াৰ কৰিড’ৰ, গুৱাহাটীৰ যাতায়াত ব্যৱস্থা উন্নত হ’ব লাগিব বুলি প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে|উৰণীয়া সেতুখনে গুৱাহাটীৰ যান-জঁটৰ সমস্যা হ্ৰাস কৰাত গুৰুত্বপূৰ্ণ ভূমিকা ল'ব।

১৮ মাহত সম্পূৰ্ণ কৰা হব গুৱাহাটীত হবলগা নতুন উৰণীয়া সেঁতু নিৰ্মাণৰ কাম। ইয়াৰ ফলত সমাধান হ’ব ৩৫% যান-জঁটৰ সমস্যা। নতুন উৰণীয়া সেঁতুৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি অনুষ্ঠানত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰে এই মন্তব্য।

বিগত সময়ছোৱাত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত এক্ট ইষ্ট প'লিচীৰ জৰিয়তে গুৱাহাটীৰ আন্তঃগাঁথনি দ্ৰুতগতিত উন্নত হৈছে। এই উন্নয়নে গুৱাহাটীক স্মাৰ্ট চিটী আৰু আছিয়ান দেশসমূহৰ দুৱাৰমুখৰূপে গঢ় দিয়াত অগ্ৰণী ভূমিকা পালন কৰিব : মুখ্যমন্ত্ৰীয়ে এইদৰে মন্তব্য কৰে|

Next Story
চাকৰি