Begin typing your search above and press return to search.

হিন্দুস্তান পেপাৰ কৰ্প’ৰেশ্যনৰ পুনৰোজ্জীৱিত কৰাৰ ক্ষেত্ৰত সিদ্ধান্ত নলয় চৰকাৰে

হিন্দুস্তান পেপাৰ কৰ্প’ৰেশ্যনৰ পুনৰোজ্জীৱিত কৰাৰ ক্ষেত্ৰত সিদ্ধান্ত নলয় চৰকাৰে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  5 May 2019 8:52 AM GMT

এইচপিচি পেপাৰ মিল অৰ্থাৎ হিন্দুস্তান পেপাৰ কৰ্প’ৰেশ্যন মিলক পুনৰোজ্জীৱিত কৰাৰ ক্ষেত্ৰত চৰকাৰে কোনো সিদ্ধান্ত গ্ৰহণ নকৰে ৷ সম্প্ৰতি দুয়োটা পেপাৰ মিলৰ লগত সম্বন্ধিত বহু প্ৰশ্নৰ উত্তৰ অস্পষ্ট হৈ পৰিছে। দুয়োটা পেপাৰ মিলৰ লগত জড়িত প্ৰায় ১,১৯০ গৰাকী কৰ্মচাৰীৰ ভৱিষ্যত কি হ’ব ? তেওঁলোকে বেতন লাভ কৰিবনে? তেওঁলোকে সম্প্ৰতি কাৰ লগত সম্পৰ্ক কৰিব?

সম্প্ৰতি দুয়োটা পেপাৰ মিলৰ কৰ্মচাৰী সকলৰ অনিশ্চয়তা ক্ৰমে বৃদ্ধি পাইছে ৷এক বিশেষ সূত্ৰ মতে দিছপুৰত শাসনলৈ অহা পূৰ্বতে বিজেপি চৰকাৰে দুয়োটা পেপাৰ মিলৰ পুনৰোদ্ধাৰৰ কাৰণে যাৱতীয় কাম কৰিছিল ৷ কেন্দ্ৰৰ ১,৯৫০ কোটি টকাৰ পেকজৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় পিএমঅ’ৰ লগত যোগাযোগ কৰিছিল ৷ অৱশ্যে বিগত এবছৰে এই সন্দৰ্ভত কেন্দ্ৰৰ পৰা কোনো প্ৰতিক্ৰিয়া লাভ কৰা নাই । সম্ভৱত কেন্দ্ৰীয় চৰকাৰৰ মনোভাৱ যে, দুয়োটা পেপাৰ মিলৰ কাৰণে বৃহৎ পৰিমাণৰ ধন ব্যয় কৰাটো নিৰৰ্থক।

অন্যহাতে ব্যক্তিগত ভাৱে যদি কোনো পক্ষই পেপাৰ মিলক অধিগ্ৰহণ কৰে ৷তেন্তে পেপাৰ মিলৰ কৰ্মচাৰীসকলৰ নিয়োগৰ সুৰক্ষা ল’বনে ? উল্লেখযোগ্য যে দিছপুৰৰ হেছাঁত কেন্দ্ৰই পেপাৰ মিলৰ কৰ্মচাৰীসকলৰ কাৰণে ৯০ কোটি ঘোষনা কৰিছে যদিও কৰ্মচাৰীসকলক এতিয়ালৈকে ধন লাভ কৰা নাই ৷ এইচপিচিৰ পেপাৰ মিলৰ ৰিভাইভেল কমিটীৰ মুখ্য সংযোজক মানবেন্দ্ৰ চক্ৰৱৰ্তীয়ে কয় যে প্ৰথমতে চৰকাৰে দুয়োটা পেপাৰ মিলক পুনৰোজ্জীৱিত কৰাৰ আশ্বাস দিয়ে ৷ৰাজ্যৰ উদ্দ্যোগ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়েও দুয়োটা পেপাৰ মিলৰ কাৰণে পেকেজ দিয়াৰ কথা উল্লেখ কৰিছিল ৷ কিন্তু বাস্তৱত সেয়া সম্পূৰ্ণ হৈ নুঠিল ৷ গতিকে এই পেপাৰ মিলৰ কৰ্মচাৰী সকলৰ ভৱিষ্যতক লৈ চৰকাৰে কি সিদ্ধান্ত লয় সেয়া লক্ষ্যনীয় হ’ব ।

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি