হিমন্ত বিশ্ব শৰ্মাক ভগৱানেই বুজি নাপায় ৰাইজে কি বুজি পাব: তৰুণ গগৈ

"হিমন্ত বিশ্ব শৰ্মাই কোৱা কথা কোনোকালেই বিশ্বাসযোগ্য নহয়, কংগ্ৰেছ দলক পঞ্চায়ত নিৰ্বাচনৰ সময়ত হিমন্ত বিশ্ব শৰ্মাই পুৰণি নচলা ৫০০ ,১০০০ টকীয়া নোট বুলি ইতিকিং কৰিছিল, কিন্তু ৰাইজে উচিত প্ৰত্যুত্তৰ দিলে বিজেপিক। নিদিবই কিয়নো, কাৰণ হিমন্ত বিশ্ব শৰ্মাক ভগৱানেই বুজি নাপায়, ৰাইজে কি বুজি পাব"।
আজি দিচপুৰত অনুষ্ঠিত এক সংবাদমেলত এইদৰে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ক্ষুৰধাৰ মন্তব্য কৰে প্ৰাক্তন মূখ্য মন্ত্ৰী তৰুণ গগৈয়ে।
হিমন্ত বিশ্ব শৰ্মা খাই পাত ফলা লোক। কংগ্ৰেছৰ পৰাই ৫ টকা ১০০ টকা লৈ চলি আছিল। এতিয়া আমাকেই অচল বুলি কয়। কিছুদিন পিছত হিমন্তই অচল হৈ পৰিব।এইদৰে হিমন্ত বিশ্ব শৰ্মাক পুনৰ বাৰ তীব্ৰ আক্ৰমণ কৰে তৰুণ গগৈয়ে।আনহাতে বৰ্তমানৰ বিজেপিৰ গোটেই নেতা বোৰেই ভেজাল আৰু দুই নম্বৰী বুলি তীব্ৰ সমালোচনা কৰে।পঞ্চায়ত নিৰ্বাচনত বিজেপিয়ে টকা খৰচ কৰাৰ পাছতো বিজেপিৰ গৰাখহনীয়া হৈছে। আনহাতে
২০২১ চনত বিধানসভা নিৰ্বাচন ত কংগ্ৰেছৰ জয় হ'ব বুলি সদম্ভে ঘোষণা কৰে তৰুণ গগৈয়ে।৩ খন ৰাজ্যৰ নিৰ্বাচনত কংগ্ৰেছৰ জয়ে মোডীৰ মেজিকে কাম নিদিয়া হোৱাটোৱে সূচাইছে আৰু বিজেপিয়ে ভাৰতবৰ্ষক কেতিয়াও কংগ্ৰেছ মুক্ত কৰিব নোৱাৰে। মোডীৰ সেইটো দু: সপ্ন।মোডীৰ আকাশত চাং পাতিছে।
"মই ৰাজনীতিত থাকিম। ২১ ত দৰকাৰ হ'লে নিৰ্বাচন খেলিমো। মানুহে মোক কৈ আছে নিৰ্বাচন খেলিবলৈ। স্বাস্থ্য পাতি ভালকৈ ৰাখিবলৈও পৰামৰ্শ দিছে। ৰাইজৰ আশীৰ্বাদ মোৰ ওচৰত আছে। মই ৰাইজে বিচাৰিলে খেলিম। কিয়নো মই নাথাকিলে বিজেপিৰ উৎপাত বাঢ়ি যাব। বিজেপিৰ কেন্দ্ৰত থকা চৰকাৰ খনে অসমক কেৱল প্ৰৱঞ্চনা কৰিলে। অন্যহাতে বিজেপিৰ চৰকাৰ চলাব পৰা দক্ষতা আৰু ক্ষমতা নাই। ভূল হ'লে শিকিব পৰা ক্ষমতাও নাই ।" এইদৰে মন্তব্য কৰে তৰুণ গগৈয়ে।
এদিন হু ইচ বদৰুদ্দিন কোৱা তৰুণ গগৈয়ে আজি সংবাদমেলত বদৰুদ্দিন ইচ চামথিং বুলি কয়। আৰু বদৰুদ্দিনক বিজেপিয়ে কংগ্ৰেছক হৰুৱাবলৈ সাৰ পানী যোগান ধৰা বুলি অভিযোগ কৰে।"বদৰুদ্দিনৰ হেলিকপ্তাৰৰ পইচাটো বিজেপিয়ে দিছিল। বদৰুদ্দিন ফেঁটিসাপ আখ্যা দিয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে। বদৰুদ্দিন জীয়াই থকালৈকে বিজেপি জীয়াই থাকিব"। এই মন্তব্য তৰুণ গগৈৰ।সাধাৰণতে কংগ্ৰেছৰ ফলাফলক লৈ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ সন্তুষ্ট বুলি কোৱাৰ লগতে আগন্তুক লোকসভা নিৰ্বাচনতো কংগ্ৰেছে ভাল ফল লাভ কৰিব বুলি মন্তব্য কৰে।
অধিক খবৰৰ বাবে পঢ়ক ৰাজ্যিক বাতৰি