Begin typing your search above and press return to search.

ঢেকিয়াজুলিত কেইবাটাও আধাৰশিলা স্থাপনে নিৰ্বাচনী প্ৰচাৰ মন্ত্ৰী হিমন্তৰ

ঢেকিয়াজুলিত কেইবাটাও আধাৰশিলা স্থাপনে নিৰ্বাচনী প্ৰচাৰ মন্ত্ৰী হিমন্তৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  5 March 2019 1:32 PM GMT

ৰাজ্যৰ সকলো অঞ্চলতে উন্নয়নৰে আজি ঢেকিয়াজুলিত ৩ খন দলংৰ আধাৰশিলা স্থাপন কৰে । লগতে ঢেকিয়াজুলি শিঙৰীৰ ঐতিহাসিক গুপ্তেশ্বৰ দেৱালয়ত উপস্থিত হয় হিমন্ত বিশ্ব শৰ্মা। আগন্তুক লোকসভাৰ নিৰ্বাচনৰ প্ৰাকক্ষণত একেখন মঞ্চতে দেখিবলৈ পোৱা গল হিমন্ত বিশ্ব শৰ্মাৰ লগত আৰ পি শৰ্মাক|আজি ঢেকিয়াজুলিৰ কেইবাটাখনো সভাত ভাগ লয় হিমন্ত বিশ্ব শৰ্মাই। আজি শোনিতপুৰৰ ঢেকীয়াজুলিৰ শিঙৰী,বাতাচিপুৰ,মিছামাৰীত কেইবাটাও ব্যয়বহুল আচঁনিৰ আধাৰশিলা স্হাপন কৰে মন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ৷ অসম চৰকাৰৰ উত্তৰণ আচঁনিৰ অধিনত শিঙৰীৰ ঐতিহ্যমণ্ডিত গুপ্তেশ্বৰ দেৱালয়ৰ উন্নিতকৰণ প্ৰকল্পৰ আধাৰশিলা স্হাপন কৰাৰ লগতে ঢেকীয়াজুলিৰ বৰছলাৰ চিতলমাৰীত এখন আদৰ্শ বিদ্যালয়,ঢেকীয়াজুলিৰ বাতাচিপুৰত এখন দলং আৰু মিছামাৰীত এখন আদৰ্শ চিকিৎসালয়ৰ আধাৰশিলা স্হাপন কৰে মন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ৷

হিন্দুৱে বিচৰা হ’লে হিন্দু ৰাষ্ট্ৰ হ’লহেঁতেন ভাৰত। হিন্দুৰ অন্তৰ বহল, সেইবাবেই ধৰ্মনিৰপক্ষে ভাৰতবৰ্ষ। তাৰ মানে এইটো নহয় যে আমাৰ ৫ হাজাৰ বছৰৰ হিন্দুৰ সভ্যতা-সংস্কৃতিক আমি পাহৰি যাম। ঢেকীয়াজুলিত এই মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পুনৰ সত্ৰৰ প্ৰসংগ উত্থাপন কৰি মন্ত্ৰীগৰাকীয়ে কয় - বৰপেটাৰ কনৰা সত্ৰৰ বহু দূৰলৈ হিন্দু মানুহ নাই। জনিয়াত শংকৰদেৱৰ নাতিয়েকে প্ৰতিষ্ঠা কৰা এলেঙী সত্ৰৰ পূবে-পশ্চিমে ৫০ কিঃমিঃ দূৰলৈ হিন্দু মানুহ নাই। সত্ৰত চাকি জ্বলাবলৈ ৫০ কিঃমিঃ দূৰৰ লোক যাব লগা হৈছে। বৰদোৱা সত্ৰও অবৈধ বাংলাদেশীয়ে বেদখল কৰি ৰাখিছে। সংবিধান প্ৰস্তুত কৰাৰ সভাত ১০০জনৰ ৯০জনেই হিন্দু আছিল, যাৰ বাবে ভাৰতবৰ্ষ ধৰ্মনিৰপক্ষে হ’ল বুলিও মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ।

আজিৰ হিমন্ত বিশ্ব শৰ্মাই শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি আৰু বৰছলা বিধানসভা সমষ্টিত চলোৱা আধাৰশিলা স্থাপনৰকেইবাখনো সভাত অংশগ্ৰহণ কৰে ঢেকীয়াজুলিৰ বিধায়ক অশোক সিংহল,বৰছলাৰ বিধায়ক গণেশ কুমাৰ লিম্বু,সাংসদ আৰ পি শৰ্মা,অসম পৰ্যটন বিভাগৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা,পাঠ্যপুথি নিগমৰ অধ্যক্ষ ৰাজেন বৰঠাকুৰ,ৰাজ্যিক বিজেপিৰ সম্পাদক কিশোৰ উপাধ্যায়ৰ লগতে বিজেপিৰ বহু নেতা কৰ্মীয়ে ৷

Next Story
চাকৰি