Begin typing your search above and press return to search.

হিমাৰ সফলতা কামনা কৰি নগাঁৱৰ নসত্ৰবাসীৰ নাম কীৰ্ত্তন

হিমাৰ সফলতা কামনা কৰি নগাঁৱৰ নসত্ৰবাসীৰ নাম কীৰ্ত্তন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 Aug 2018 7:54 AM GMT

ধিং এক্সপ্ৰেছ হিমা দাসক লৈ অাশাবাদী সমগ্ৰ অসমৰ লগতে নগাঁওৰ ঐতিহ্যমণ্ডিত নসত্ৰবাসী। ইণ্ডোনেছিয়াৰ জাৰ্কাটাত অনুষ্ঠিত এছিয়ান গেমছৰ কালি হিমাৰ অভূৰ্তপুৰ্ব সাফল্যৰ পাছত অাজি ফাইনেল খেললৈ সাজু অসমৰ নগাঁৱৰ জীয়ৰী হিমা।কেইটামান মুহু্ৰ্তৰ পাছতেই ফাইনেল খেলৰ ট্ৰেকত নামিব স্বৰ্ণকন্যা ধিং এক্সপ্ৰেছ খ্যাত হিমা, হিমাক লৈ আশাবাদী প্ৰতিজন অসমীয়াৰ লগতে ভাৰতবাসী ৷ সকলোৰে আশা অসম জীয়ৰী তথা স্বৰ্ণকন্যা হিমাই দুভৰীৰ যাদুৰে ইতিহাস ৰচি সুনাম অৰ্জনেৰে গৌৰাম্বাবিত কৰিব সমগ্ৰ দেশবাসীক ৷ সেয়েহে হিমাই যাতে ট্ৰেকত সফলতা অৰ্জন কৰি সুনাম কঢ়িয়াই আনিব পাৰে তাৰে কামনাৰে হিমাৰ জন্মভূমি নগাঁৱৰ নসত্ৰবাসীৰ নাম প্ৰসংগ। ইতিমধ্যেই আৰম্ভ হৈছে নগাঁওবাসী ৰাইজৰ সমুহীয়া প্ৰাৰ্থনাৰ ৷ জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিষেশে সকলোৱে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা, হিমাই সফলতা অৰ্জন কৰক তাৰেই কামনা প্ৰতিজন লোকৰ ৷

Next Story
চাকৰি