Begin typing your search above and press return to search.

১০ খন মহাবিদ্যালয়ৰ শিক্ষকৰ ৩৯ টা পদ পূৰণ কৰিবলৈ নিৰ্দেশ অসম চৰকাৰৰ

১০ খন মহাবিদ্যালয়ৰ শিক্ষকৰ ৩৯ টা পদ পূৰণ কৰিবলৈ নিৰ্দেশ অসম  চৰকাৰৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  19 May 2019 7:07 AM GMT

অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগে ৩৯ টি সহায়ক অধ্যক্ষৰ পদ পূৰণ কৰিবৰ কাৰণে প্ৰশাসনিক স্বীকৃতি প্ৰদান কৰিছে ৷ চলিত বৰ্ষৰ ৯ মে’ত অসম চৰকাৰে অসমৰ ১০ খন মহাবিদ্যালয়ৰ খালী হৈ থকা পদ পূৰণ কৰিবলৈ প্ৰশাসনিক স্বীকৃতি দিছে ৷চলিত বৰ্ষৰ ১৭ মে’ত উচ্চ শিক্ষাৰ নিৰ্দেশক গীতিমণি ফুকনে পদসমূহ পূৰণ কৰিবৰ কাৰণে লোৱা শিক্ষা বিভাগৰ পদক্ষেপৰ বিষয়ে মহাবিদ্যালয়সমূহ জনায় ৷ মহাবিদ্যালয়লৈ দিয়া নিৰ্দেশ অনুযায়ী মহাবিদ্যালয়সমূহত সাত দিনৰ ভিতৰত বিজ্ঞাপন দিবৰ কাৰণে আহ্বান কৰে ৷

অন্যহাতে,খালী হৈ থকা পদ সমূহৰ ভিতৰত ফৰকাটিং মহাবিদ্যালয়ত ৩ টা পদ,সুৰেন দাস মহাবিদ্যালয়ত ৪ টা পদ,পাথিমাৰি মহাবিদ্যালয়ত ৩ টা পদ,গোলাঘাট বাণিজ্য মহাবিদ্যালয়ত ৪ টা পদ, দেৰগাঁও কমল দূৱৰা মহাবিদ্যালয়ত পাঁচ টি পদ,ডিগবৈ মহাবিদ্যালয়ত ১০ টা পদ, দেৱৰাজ ৰয় মহাবিদ্যালয়ত ৩ টা পদ,জিএইচএমএচ মহাবিদ্যালয়ত ২ টা পদ, চাৰিটা পদ দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ত, চাৰিটা পদ ৰহা মহাবিদ্যালয়ত আছে ৷

উল্লেখ্য যে, চলিত বৰ্ষৰ ১৮ এপ্ৰিলত শিক্ষা বিভাগে অসমৰ ৬৩ খন মহাবিদ্যালয়ত সহকাৰী শিক্ষকৰ ৩৪৪ পদ পূৰণৰ কাৰণে প্ৰশাসনিক স্বীকৃতি প্ৰদান কৰিছিল ৷

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story