১১ এপ্ৰিলত অনুষ্ঠিত হব লগা প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ

ৰাজ্যত ১১ এপ্ৰিলত অনুষ্ঠিত হব লগা প্ৰথম পৰ্যায়ত ভোট গ্ৰহণৰ বাবে ৫ টা লোকসভা সমষ্টি সম্পুৰ্ণ সাজু । প্ৰথম পৰ্যায় নিৰ্বাচনত ৫ টা সমষ্টিৰ ৪১ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্নয় কৰিব । প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন আছিল ২৫ মাৰ্চ আৰু প্ৰত্যাহাৰৰ অন্তিম দিন আছিল ২৮ মাৰ্চ । ১১ এপ্ৰিলত ভোট গ্ৰহণ অনুষ্ঠান হব কলিয়াবৰ, তেজপুৰ, ডিব্ৰুগড়, যোৰহাট আৰু লক্ষিমপুৰত। কলিয়াবৰ আৰু তেজপুৰ সমষ্টিৰ প্ৰত্যেকতে ৭ জনকৈ প্ৰাৰ্থী নিৰ্বাচনত অবতীৰ্ণ হব । যোৰহাট আৰু ডিব্ৰুগড়ত ৮ জনকৈ প্ৰাৰ্থী, লক্ষিমপুৰত ১১ জন প্ৰাৰ্থীয়ে নিৰ্বাচনত অবতীৰ্ণ হব বুলি ৰাজ্যিক নিৰ্বাচনী আয়োগে প্ৰকাশ কৰিছে। ৫ টা সমষ্টিত অনুষ্ঠিত হব লগা প্ৰথম পৰ্যায় নিৰ্বাচনৰ বাবে ৪৫ জন প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছিল। ২৬ মাৰ্চত মনোনয়ন পত্ৰ পৰীক্ষা কৰাত তেজপুৰৰ মনোনয়ন পত্ৰ বাতিল কৰা হয় । আনহাতে বৃহস্পতি বাৰে তেজপুৰ আৰু লক্ষিমপুৰৰ এজনকৈ প্ৰাৰ্থীৰ মনোনয়ন প্ৰত্যাহাৰ কৰে ।
১১ এপ্ৰিলত অনুষ্ঠিত হব লগা প্ৰথম পৰ্যায়ত ভোট গ্ৰহণত ৫ টা সমষ্টিতে শক্তিশালী প্ৰাৰ্থীৰ মাজত প্ৰতিদন্দ্বিতা হব । তেজপুৰত বিজেপিৰ প্ৰাৰ্থী মন্ত্ৰী পল্লব লোচন দাসৰ বিৰুদ্ধে প্ৰতিদন্দ্বিতা কৰিব কংগ্ৰেছৰ প্ৰাৰ্থী এভ জি ভি কে ভানুয়ে । আনহাতে কলিয়াবৰত কংগ্ৰেছৰ গৌৰব গগৈৰ বিৰুদ্ধে অগপৰ মনি মাধৱ মহন্তয়ে প্ৰতিদন্দ্বিতা আগবঢ়াব । যোৰহাট সমষ্টিত বিজেপিৰ তপন কুমাৰ গগৈৰ প্ৰতিদন্দ্বি কংগ্ৰেছৰ সুশান্ত বৰগোহাঞি । আনহাতে ডিব্ৰুগড়ত বিজেপিৰ ৰামেশ্বৰ তেলীৰ বিৰুদ্ধে প্ৰতিদন্দ্বিতা আগবঢ়াব কংগ্ৰেছৰ পৱন সিং ঘাটোৱাৰে । লক্ষিমপুৰত বিজেপিৰ প্ৰদান বৰুৱাৰ প্ৰতিদন্দ্বি কংগ্ৰেছৰ অনিল বৰগোহাঞিয়ে প্ৰতিদন্দ্বিতা কৰিব ।
২০১৪ চনৰ সাধাৰণ নিৰ্বাচনত কলিয়াবৰত কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈ জয় হৈছিল । আন ৪ টা সমষ্টিতে বিজেপি জয় হৈছিল ।
বৃহস্পতি বাৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে কলিয়াবৰৰ মিত্ৰজোটৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই ।কলিয়াবৰত মনি মাধৱ মহন্তৰ হৈ আৰু যোৰহাটৰ টিয়কত তপন কুমাৰ গগৈৰ হৈ প্ৰচাৰ চলাই ।
অধিক খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি