Begin typing your search above and press return to search.

১৫দিনীয়া সাংস্কৃতিক কৰ্মশালাৰ সামৰণি

১৫দিনীয়া সাংস্কৃতিক কৰ্মশালাৰ সামৰণি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 Aug 2018 9:09 AM GMT

বেচৰকাৰী নব্য প্ৰাশ্য সংগঠন আৰু ৰঙাজান জাতীয় বিদ্যালয়ৰ সহযোগত নাচ,গান,অভিনয়,ব্যক্তিত্ব বিকাশৰ বাবে জুলাইৰ ১৮তাৰিখৰ পৰা আগষ্টৰ ১তাৰিখলৈ ১৫দিনীয়া দীঘলীয়া কৰ্মশালা এখন আয়োজন কৰা হৈছিল।কৰ্মশালা খনত ৬২গৰাকীয়ে অংশ গ্ৰহন কৰিছিল।কৰ্মশালা খনত প্ৰশিক্ষক স্বৰূপে আছিল গিৰিৱালা দাস,ঘনকান্ত মৰান,মিতালী মিশ্ৰা,ৰিম্পী বুঢ়াগোঁহাই।

কৰ্মশালা খনৰ সামৰণিৰ দিনা ৰূপাই জাতীয় বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক গোপাল চন্দ্ৰ দুৱাৰাই নটসূৰ্য্য ফণী শৰ্মাৰ ফটোৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে লগতে ৰঙাজান জাতীয় বিদ্যালয়ৰ সঞ্চালক প্ৰধান হেমন্ত নেওগে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

অভিনেতা তথা গায়ক সুনিত বৰা আৰু অভিনেত্ৰী আৰু ডুমডুমা মহাবিদ্যালয়ৰ বাণিজ্য বিভাগৰ প্ৰাক্তন প্ৰধান অধ্যাপক অনুপম বৰুৱা সামৰণি অনুষ্ঠানত উপস্থিত থকাৰ লগতে অংশগ্ৰহনকাৰী সকলৰ মঞ্চ অনুষ্ঠান উপভোগ কৰে।

Next Story
চাকৰি