Begin typing your search above and press return to search.

১৫ জুনত প্ৰকাশ পাব ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ অতিৰিক্ত খচৰা

১৫ জুনত প্ৰকাশ পাব ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ অতিৰিক্ত খচৰা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  30 April 2019 6:52 AM GMT

ৰাজ্যৰ ৩ টা পৰ্যায়ৰ লোকসভা নিৰ্বাচন সমাপ্ত হোৱাৰ পাছত এন আৰ চি ৰ উন্নীতকৰণৰ প্ৰক্ৰিয়াত জড়িত বিষয়া সকলক পুনৰ এন আৰ চি কামত নিয়োজিত হবলৈ নিৰ্দেশ দিছিল দেশৰ উচ্চতম ন্যায়ালয়ে ।

চলিত বছৰৰ ১০ এপ্ৰিলত এপেস্ক কোৰ্টে দিয়া নিৰ্দেশ মৰ্মে এন আৰ চিৰ সম্বনয়ক প্ৰতীক হাজেলাই জিলা উপায়ুক্তৰ লগতে ৰাজ্যৰ ডি আৰ চি আৰ সকলক ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ কামত নিয়োজিত বিষয়া সকলক অন্য কামত নলগাবলৈ নিৰ্দেশ দিয়ে ।

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত এখন নিকা এন আৰ চিৰ খচৰা প্ৰকাশ প্ৰকাশ কৰিবলৈ জিলা উপায়ুক্ত সকলক নিৰ্দেশ দিয়ে । উচ্চতম ন্যায়ালয়ে ৩১ জুলাইত এন আৰ চিৰ চুৰান্ত খচৰা প্ৰকাশ কৰিবলৈ দিন ধাৰ্য কৰি দিছে। এন আৰ চিৰ পক্ৰিয়াৰ কৰ্মত অবহেলা কৰা বিষয়াৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হব বুলি প্ৰকাশ কৰে ।

প্ৰতিক হাজেলাই প্ৰকাশ কৰা মতে অতিৰিক্ত এন আৰ চি খচৰা প্ৰকাশ কৰা হব চলিত বছৰৰ ১৫ জুনত । অতিৰিক্ত খচৰা প্ৰকাশ পোৱাৰ পাছত ১৬ জুনৰ পৰা ৩০ জুনলৈ খচৰাত অন্তভূক্ত লোকসকলে দাবী উত্থাপন কৰিব পাৰিব । ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চুৰান্ত খচৰা প্ৰকাশ কৰিব ৩১ জুলাইত ।

অন্য খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

Next Story
চাকৰি