Begin typing your search above and press return to search.

২০১৪ চনত দেশত ৬ ৰাজ্যত বিজেপি আছিল:সম্প্ৰতি ১৬ খন ৰাজ্যত বিজেপি আছে আপোনালোকে কওক জয়ী কোন হ’লঃ অমৃত শ্বাহ

২০১৪ চনত দেশত ৬ ৰাজ্যত বিজেপি আছিল:সম্প্ৰতি ১৬ খন ৰাজ্যত বিজেপি আছে আপোনালোকে কওক জয়ী কোন হ’লঃ অমৃত শ্বাহ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 Dec 2018 7:58 AM GMT

পাঁচখন ৰাজ্যৰ তিনিখনত বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পিছত ভাৰতীয় জনতা পাৰ্টীৰ অধ্যক্ষ অমিত শ্বাহে মন্তব্য কৰিছে যে,তিনিখন ৰাজ্যৰ বিধানসভাৰ ফলাফল বিজেপিৰ পক্ষত নাই। যদিও ২০১৯ ৰ লোকসভা নিৰ্বাচনৰ লগত তিনিখন ৰাজ্যৰ বিধানসভাৰ ফলাফলে কোনো ধৰণৰ ক্ৰিয়া কৰিব নোৱাৰে ৷ মুম্বাইৰ এক ব্যক্তিগত টিভি ছেনেলৰ লগত হোৱা সাক্ষাতত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিজনে এই মন্তব্য কৰিছে ৷ লগতে কয় যে,ৰাজ্যসমূহৰ নিৰ্বাচনৰ লগত লোকসভা নিৰ্বাচনৰ লগত সাদৃশ্য নাই ৷

২০১৯ চনৰ লোকসভা নিৰ্বাচন ২০১৪ চনৰ দেশৰ পূৰ্বৰ অৱস্থা আৰু পিছৰ ভাৰতৰ অৱস্থাৰ ওপৰত ভিত্তি কৰিহে হ’ব ৷ বিজেপি অধ্যক্ষ জনে কয় যে,২০১৪ চনত দেশত কেৱল ৬ খন ৰাজ্যতহে বিজেপি আছিল ৷কিন্তু সম্প্ৰতি ১৬ খন ৰাজ্যত বিজেপি আছে ৷গতিকে আপোনালোকে কওঁক জয়ী কোন হ’ল? লগতে কয় যে,ৰাজস্থান,মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ত নিৰ্বাচনী ফলাফল আমি স্বীকাৰ কৰিছো। ইফালে ২০১৯ চনৰ নিৰ্বাচন সম্পৰ্কত বিজেপিৰ অধ্যক্ষ জনে কয় যে,লোকসভা নিৰ্বাচনৰ কাৰণে আমাক কোনো ধৰণৰ ইছ্যুৰ প্ৰয়োজন নাই ৷ পূৰ্বৰ চৰকাৰে জনসাধাৰণৰ মাজত নিৰ্বাচনত জয়ী লাভৰ কাৰণে বিভিন্ন বিষয় উত্থাপন কৰিছিল ৷

কিন্তু নৰেন্দ্ৰ মোডী চৰকাৰক কোনো ধৰণৰ ইছ্যুৰ প্ৰয়োজন নাই ৷ কাৰণ নৰেন্দ্ৰ মোডী চৰকাৰে সকলোৰে ক্ষেত্ৰত বিভিন্ন দিশত উন্নতি সাধন কৰিছে ৷ লগতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি গৰাকীয়ে কয় যে,বহু বিৰতিৰ অন্তত এনেকুৱা এখন চৰকাৰ আহিছে যিখনক জনসাধাৰণে আকোঁৱালি লৈছে । গতিকে ২০১৯ চনত আমি এই কথাটোক লৈয়ে,নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিম ৷ অন্যহাতে, জাতিবাদ, পৰিয়ালকেন্দ্ৰিক ৰাজনীতি আদিৰ সম্পৰ্কে কয় যে,জাতিবাদ, পৰিয়ালবাদ আদি ধ্যান ধাৰণাসমূহ আমি মষিমূৰ কৰিলো ৷

পূৰ্বতে যেতিয়া ৰজা মহাৰাজসকলে ৰাজত্ব কৰিছিল তেতিয়া লোকতন্ত্ৰ নাছিল ৷ ৰজাৰ পুত্ৰ যেনেকুৱাই নহওক কিয় তেওঁক ৰজা হিছাপে অধিস্থিত কৰিছিল। আজিও সেই একেই পৰম্পৰা ৷ ৰজাৰ পুত্ৰ দলৰ অধ্যক্ষ হ’বলৈ প্ৰয়োজনীয় গুণ আছে নে নাই তাৰ প্ৰতি কোনো ধৰণৰ ভ্ৰুক্ষেপ নাই ৷ ইফালে শেহতীয়া মধ্যপ্ৰদেশৰ নিৰ্বাচন,কৃষকৰ কৰ ৰেহাই আদিৰ সন্দৰ্ভত অমিত শ্বাহে কয় যে, যদি মধ্যপ্ৰদেশৰ কৃষকসকলে ২০১৮ চনৰ মাৰ্চ মাহত ৩১ মাৰ্চত কৃষিকৰ সমূহ প্ৰদান কৰিলেই ৷ লগতে কয় যে,কৰসমূহ লোৱাৰ পিছত আকৌ কৰ ৰেহাই দিছে মধ্যপ্ৰদেশৰ নৱ নিৰ্বাচিত চৰকাৰে ৷

২০১৮ চনত প্ৰায় ৯০ শতাংশ কৰ ইতিমধ্যে প্ৰদান কৰিছে কৃষকসকলে ৷ ইফালে ৰাম মন্দিৰ সন্দৰ্ভত অমিত শ্বাহে কয় যে,ৰাম মন্দিৰৰ বিবাদ ১৩০ বছৰ পুৰণি৷ৰাম মন্দিৰ নিৰ্মাণ কৰাটো জনসাধাৰণৰ লগতে বিজেপিয়েও বিচাৰে ৷ উল্লেখ্য যে,মধ্যপ্ৰদেশৰ ৰাজস্থান আৰু ছত্তীছগড়ৰ নিৰ্বাচনৰ পিছত বিশেষকৈ মধ্যপ্ৰদেশত কৃষকৰ কৰ ৰেহাই দিয়া প্ৰসংগত ৰাহুল গান্ধীৰ বিজেপিক কৰা কটাক্ষ অব্যাহত আছে ৷প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ক্ষুৰধাৰ সমালোচনা কৰি ৰাহুল গান্ধীৰ মন্তব্য যে দেশৰ প্ৰধানমন্ত্ৰী শুই আছে ৷ আমি সকলোৱে তেওঁক জগাব লাগিব। লগতে প্ৰধানমন্ত্ৰী মোডীকো কৃষকৰ কৰ ৰেহাই কৰি দিবলৈ দাবী কৰে ৷ গতিকে সম্প্ৰতি বিজেপিৰ সকলো ৰথী মহাৰথী সম্প্ৰতি সাজু হৈছে ২০১৯ চনৰ লোকসভা নিৰ্বাচনলৈ ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি