Begin typing your search above and press return to search.

২২জুনৰ পৰা আৰম্ভ হব অম্বুবাচী মেলা: মেলাৰ উপলক্ষ্যে জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ সভা

২২জুনৰ পৰা আৰম্ভ হব অম্বুবাচী মেলা: মেলাৰ উপলক্ষ্যে জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ সভা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  18 May 2019 8:11 AM GMT

২২ জুনৰ পৰা আৰম্ভ হব অম্বুবাচী মেলা । অম্বুবাচী মেলাক লৈ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ কৰিছে প্ৰশাসনে । ২২ জুনৰ পৰা ২৬ জুনলৈকে অনুষ্ঠিত হব লগা অম্বুবাচী মেলাৰ উপলক্ষ্যে শুকুৰবাৰে আৰক্ষী, পৰ্যটন, গুৱাহাটী, পৌৰ নিগম, গড়কাপ্তানি, এপিডিচিএল, স্বাস্থ্য, জনস্বাস্থ্য আৰু কাৰিকৰী, পৰিবহন বিষয়াৰ সৈতে আলোচনাত মিলিত হয় কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগু ।

এই সভাতে অম্বুবাচী মেলা সুকলমে অনুষ্ঠিত কৰিবলৈ লব লগীয়া ব্যবস্থা সমূহৰ কথা আলোচনা কৰে। ২২ জুনৰ পৰা ২৬ জুনলৈকে অনুষ্ঠিত হব লগা অম্বুবাচী মেলাত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা তীৰ্থ যাত্ৰী আহিব । তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে তীৰ্থ যাত্ৰী সকলৰ বাবে গ্ৰহণ কৰিব লগা ব্যবস্থা সমূহৰ বিষয়ে আলোচনা কৰে ।

বিশেষকৈ তীৰ্থযাত্ৰী সকলৰ বাবে শিৱিৰ সমূহৰ লগতে মহানগৰী খন পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ে। লগতে খোৱাপানী আৰু বিদুৎতৰ যোগানত যাতে অসুবিধা সৃষ্টি নহয় তাৰ বাবে বিভাগীয় কতৃপক্ষক নিৰ্দেশ দিয়া হয়। নিৰাপত্তা ব্যৱস্থা, ট্ৰেফিক মেনেজমেন্টৰ লগতে পৰ্যাপ্ত পৰিমাণৰ চিচি টিভি আৰু আৰক্ষীৰ নিৰাপত্তাৰক্ষীৰ লগতে অধিক সংখ্যক স্বেচ্ছাসেৱক ৰখাৰ ব্যৱস্থা কৰাৰ কথা প্ৰকাশ কৰে।

পৰ্যাপ্ত পৰিমাণৰ এনডিআৰএফ আৰু এনডিআৰএফৰ জোৱানকো নিয়োজিত কৰা হব বুলি প্ৰকাশ কৰে। কামাখ্যা মন্দিৰলৈ উঠিযোৱা পথটোত ঠায়ে ঠায়ে স্থাপন কৰিবলগীয়া তীৰ্থযাত্ৰীৰ জিৰনি গৃহৰ বিষয়ে আলোচনা কৰা হয় সভাত ।

এই সভাতে পৰ্যটন বিভাগে গ্ৰহণ কৰিব লগা বিভিন্ন ব্যৱস্থাৰ বিষয়ে প্ৰকাশ কৰে পৰ্যটন বিভাগৰ সঞ্চালক দেৱকুমাৰ মিশ্ৰয়ে ।

অন্য খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি

Next Story
চাকৰি