Begin typing your search above and press return to search.

২৪ ডিচেম্বৰ দিনটোৰ আৰম্ভ কৰক: আজিৰ দিনটোৰ ইতিহাসেৰে

২৪ ডিচেম্বৰ দিনটোৰ আৰম্ভ কৰক: আজিৰ দিনটোৰ ইতিহাসেৰে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  24 Dec 2018 6:01 AM GMT

প্ৰত্যেক দিনৰ দৰে ২৪ ডিচেম্বৰ দিনটোৰো আছে এক বিশেষ তাৎপৰ্য ৷ এই বিশেষ দিনটোত এনেধৰণৰ কিছুমান ঘটনা সংঘটিত হৈছিল ৷যিসমূহ ঘটনা ইতিহাসৰ পাতত সোনালী আখৰেৰে লিপিবদ্ধ হৈ আছে ৷ অৱশ্যে এই দিনটোতে আমি আমাৰ দেশক বিভিন্ন অৱদানেৰে আগুৱাই নিয়া অথবা দেশক,প্ৰতিনিধিত্ব কৰা বিশেষ ব্যক্তিসকলক হেৰুৱাইছো ৷ ইয়াৰ বিপৰীতে, আমাৰ দেশলৈ অৱদান আগবঢ়োৱা মহান মনিষীসকলে জন্ম গ্ৰহণ কৰিছে আজিৰ দিনটোতে ৷ আহক আজি দিনটোৰ আৰম্ভনি কৰোঁ, দিনটোৰ ইতিহাসেৰে ৷

প্ৰথমতে জানো আহক আজিৰ দিনটোত জন্ম গ্ৰহণ কৰা মহান মনীষীসকলৰ তালিকাঃ

১৮৮০ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ স্বাধীনতা সংগ্ৰামী নেতা,গান্ধীবাদী নেতা৷ আৰু পত্ৰকাৰ ভোগাৰাজু পট্টাভি সীতাৰামেয়াৰ জন্ম হৈছিল ৷

১৮৯২ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ পত্ৰকাৰ আৰু সাহিত্যকাৰ বনাৰসীদাস চতুৰ্বেদীৰ জন্ম হৈছিল ৷

১৯১৪ চনৰ আজিৰ দিনটোতে বিখ্যাত সামাজিক কাৰ্যকৰ্তা,বিশেষকৈ কুষ্ঠৰোগীসকলৰ সেৱা শুশ্ৰুষাত মনোনিবেশ কৰা বাবা আম্টেৰ জন্ম হৈছিল।

১৯২২ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ অভিনেত্ৰী আৱা গাৰ্ডনৰৰ জন্ম হৈছিল ৷

স্বাধীনতা সংগ্ৰামী নেতা মহাদেৱ দেশাইৰ পুত্ৰ নাৰায়ন ভাই দেশাইৰ জন্ম হৈছিল ১৯২৪ চনৰ আজিৰ দিনটোতে৷

বলীউডৰ জনপ্ৰিয় চিৰসেউজ গায়ক মহম্মদ ৰফিৰ আজিৰ জন্ম দিন ৷ ১৯২৪ চনৰ আজিৰ দিনটোতে জন্ম গ্ৰহণ কৰিছিল মহম্মদ ৰফিয়ে ৷

লেখক তথা সাহিত্যিক উষা প্ৰিয়ম্বদাৰ ১৯৩০ চনৰ আজিৰ দিনটোতে জন্ম গ্ৰহণ কৰিছিল ৷

১৯৫৭ চনা আজিৰ দিনটোতে আফগানিস্তানৰ ৰাষ্ট্ৰপতি হামিদ কৰজাইৰ জন্ম হৈছিল ৷

বলীউডৰ জনপ্ৰিয় অভিনেতা অনিল কাপুৰ জন্ম হৈছিল আজিৰ দিনটোতে ৷১৯৫৯ চনৰ আজিৰ দিনটোতে জন্ম গ্ৰহণ কৰিছিল অনিল কাপুৰে ৷

ভাৰতীয় হিন্দী চিনেমাৰ প্ৰসিদ্ধ অভিনেত্ৰী প্ৰীতি চপ্ৰা জন্ম হৈছিল।

এইবাৰ চাওঁ আহক আজিৰ দিনটোত দেশ বিদিশত সংঘটিত হোৱা কিছুমান ঘটনাৰ ইতিহাসঃ

ৰুছ আৰু বিট্ৰেইনৰ মাজত ১৭৯৮ চনৰ আজিৰ দিনটোতে ফান্স বিৰোধী গঠবন্ধনত স্বাক্ষৰিত কৰিছিল ।

১৮৯৪ চনৰ আজিৰ দিনটোতে কলকতাত প্ৰথম মেডিকেল কনফাৰেন্সৰ আয়োজন কৰা হৈছিল।

১৯২৪ চনৰ আজিৰ দিনটোতে লণ্ডনৰ এয়াৰ ফীল্ডত সংঘটিত বিমান দুৰ্ঘটনাত ৮ জন লোকৰ মৃত্যু হৈছিল ৷

আজিৰ আলবেনিয়াৰ গণতন্ত্ৰ দিৱস ৷১৯২৪ চনৰ আজিৰ দিনটোৰ পৰাই আলবেনিয়াই গণতন্ত্ৰ দিৱস পালন কৰি আহিছে ৷

দক্ষিণ পূৰ্বী দেশ "লাওছ"য়ে ১৯৫৪ ৰ আজিৰ দিনটোতে স্বাধীনতা লাভ কৰিছিল ৷

১৯৬২ চনৰ আজিৰ এই দিনটোতে চোবিয়েত সংঘই নোবেয়া জেমল্যত পৰমাণু পৰীক্ষণ কৰিছিল ৷

১৯৬৭ চনৰ আজিৰ দিনটোতে চীনে লোপ নোৰ ক্ষেত্ৰত পৰমাণু পৰীক্ষণ কৰিছিল ৷

১৯৮৬ চনৰ আজিৰ দিনটোতে ল’টাছ ট্ৰেম্পল শ্ৰদ্ধাঞ্জলীৰ কাৰণে খোলা হৈছিল ৷

১৯৮৬ চনৰ আজিৰ দিনটোতে সংসদৰ দ্বাৰা উপভোক্তাসকলৰ সংৰক্ষণ অধিনিয়ম গৃহীত কৰিছিল ৷ সেয়েহে ভাৰতত ২৪ ডিচেম্বৰ দিনটোক ৰাষ্ট্ৰীয় উপভোক্তা দিৱস হিচাপে পালন কৰা হয় ।

১৯৯৬ চনৰ আজিৰ দিনটোতে তাজাকিস্তানৰ গৃহযুদ্ধ সমাপ্ত কৰাৰ কাৰণে বুজা বুজি সম্পন্ন ৷

২০০০ চনৰ আজিৰ দিনটোতে বিশ্বনাথ আনন্দ World Chess Champion হয় ৷

২০০২ চনৰ আজিৰ দিনটোৰ পৰাই দিল্লীত মেট্ৰ’ সেৱা আৰম্ভ হৈছিল ৷ এই সেৱা আৰম্ভ হৈছিল সহাদৰা তীচ হাজাৰী লাইনৰ পৰা হৈছিল ৷

২০০৫ চনৰ আজিৰ দিনটোতে "খালিস্তান জিন্দাবাদ ফোৰ্চ" নামেৰে এটি সংগঠনক সন্ত্ৰাসবাদী সংগঠনৰ তালিকাত অন্তভূক্ত কৰে ৷

২০০৭ চনৰ আজিৰ দিনটোতে মংগলগ্ৰহৰ ৰহস্য ভেদ কৰিবৰ কাৰণে ইউৰোপীয় অন্তৰীক্ষ এজেন্স যান মাৰ্চে মংগল গ্ৰহৰ কক্ষত প্ৰায় চাৰি হাজাৰ পাক ঘূৰে ৷

ক্যুৱাৰ চৰকাৰে ২০১১ চনৰ আজিৰ দিনটোতে ২৯০০ জন কয়দীক মুকলি কৰি দিয়াৰ ঘোষণা কৰে ৷

২০১৪ চনৰ আজিৰ দিনটোতে প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী আৰু মদন মোহন মালবীয়ক ভাৰত ৰত্ন দিয়াৰ ঘোষণা কৰিছিল ৷

এইবাৰ চাও আহক আজিৰ দিনটোত ইহলীলা সম্বৰণ কৰা লোকসকলৰ তালিকাঃ

১৫২৪ চনৰ আজিৰ দিনটোতে ভাৰতত ভাস্ক’ দ্য গামাৰ মৃত্যু হৈছিল ৷ ভাস্ক’ দ্য গামা আছিল ইউৰোপৰ পৰা ভাৰতলৈ অহাৰ সামুদ্ৰিক পথ উদ্ভাৱন কৰা পতুৰ্গাল নাবিক।

১৯৮৭ চনৰ আজিৰ দিনটোতে তামিল অভিনেতা আৰু ৰাজনেতা এম জী ৰামচন্দনৰ মৃত্যু হৈছিল৷

১৯৮৮ চনৰ আজিৰ দিনটোতে হিন্দী সাহিত্যৰ প্ৰসিদ্ধ মনোবৈজ্ঞানিক আৰু ঔপন্যাসিক জৈনেন্দ্ৰ কুমাৰে ইহলীলা সম্বৰণ কৰে ৷

আজিৰ ৰাষ্ট্ৰীয় উপভোক্তা দিৱস ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি