Begin typing your search above and press return to search.

৫০ লাখ ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ সমস্যা সমাধান কৰাৰ কাৰণে দাবী সদৌ অসম ছাত্ৰ সন্থাৰ

৫০ লাখ ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ সমস্যা সমাধান কৰাৰ কাৰণে দাবী সদৌ অসম ছাত্ৰ সন্থাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 March 2019 7:22 AM GMT

সদৌ অসম ছাত্ৰ সন্থাৰ এক বিশেষ দাবী যে ৰাজ্য চৰকাৰে ৩৯,০০০ প্ৰাথমিক বিদ্যালয়ৰ ৫০ লাখ ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ ক্ষেত্ৰত সমস্যাৰ সমাধান কৰাৰ কাৰণে পদক্ষেপ গ্ৰহণ কৰিব লাগে ৷লগতে শ্ৰেণী সমূহত নিয়মিত পাঠদান আৰু মধ্যাহ্ন ভোজন দিবলৈও আহ্বান কৰে ।ছাত্ৰ সংগঠনটোৱে ৰাজ্যৰ বিদ্যালয়সমূহৰ স্থিতি শক্তিশালী কৰিবৰ কাৰণে বাজেটত পুঁজি আৱন্টন কৰাৰ কথাও দাবী কৰে ৷ইফালে সদৌ অসম ছাত্ৰ সন্থাই চৰকাৰ আৰু অসম ৰাজ্যিক প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক সন্মিলনীৰ মাজত এখন বৈঠক অনুষ্ঠিত কৰি এই সমস্যাসমূহৰ সমাধান কৰিবলৈ আহ্বান কৰে ৷

সদৌ অসম ছাত্ৰ সন্থাই কয় যে অসমৰ অধিকাংশ বিদ্যালয়ৰ প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ খালী হৈ আছে ৷গতিকে অনতি পলমে এই পদসমূহত নিযুক্তি কৰিব লাগে ৷সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈয়ে কয় যে,স্থানীয় বিদ্যালয়সমূহৰ অধিকাংশতেই এক দীঘলীয়া সময় ধৰি বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আছে ৷সেই বিদ্যালয় সমূহৰ বিকাশ ভৱিষ্যতৰ অসমীয়া সমাজৰ কাৰণে অত্যন্ত জৰুৰী ৷ এই সমস্যাসমূহৰ ক্ষেত্ৰত চকু মুদা কুলিৰ ভাও ধৰি থকাৰ কাৰণে ছাত্ৰ সংগঠনৰ নেতাদ্বয়ে তীব্ৰ সমালোচনা কৰে ৰাজ্য চৰকাৰক ৷

লগতে কয় যে,প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক সকলৰ নিজৰ প্ৰয়োজনসমূহৰ ক্ষেত্ৰত ৰাজপথত নামিবলৈ বাধ্য হৈছে ৷সদৌ অসম নেতা দ্বয়ে কয় যে সমগ্ৰ ৰাজ্যত ৩৯০০০ প্ৰাথমিক বিদ্যালয়ত প্ৰায় ৫০ লাখ ছাত্ৰ ছাত্ৰীয়ে সমস্যাৰ সন্মুখীন হৈ আছে ৷ বহু বিদ্যালয় এতিয়াও এজন শিক্ষকহে আছে ।ইয়াৰ বিপৰীতে অন্য কিছু বিদ্যালয়ত এজনো শিক্ষক নাই। অন্যহাতে শৈক্ষিক বৰ্ষ দুমাহৰ পূৰ্বেই শেষ হৈছে যদিও এতিয়াও ছাত্ৰ ছাত্ৰীয়ে পাঠ্য পুথি লাভ কৰা নাই ৷কিছু সংখ্যক বিদ্যালয়ত এতিয়াও ডেক্স বেঞ্চ নাই। ২০১৮ চনৰ পিছৰ পৰা ছাত্ৰ ছাত্ৰীসমূহ ইউনিফৰ্মৰ পৰা বঞ্চিত হৈ আছে ৷ লগতে বিগত বৰ্ষৰ অক্টোবৰ মাহৰ পৰা বিদ্যালয় সমূহত মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত হৈ আছে ৷ইফালে মেধাৱী ছাত্ৰ ছাত্ৰীসকলক ২০১৬ বৰ্ষৰ ছাত্ৰ বৃত্তি এতিয়াও পোৱা নাই। ২০১৭-২০১৮ বৰ্ষতেই বৃত্তি পৰীক্ষাৰ অনুষ্ঠিত কৰিলে যদিও ৰিজাল্ট এতিয়াও ঘোষণা কৰা নাই।

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি