Begin typing your search above and press return to search.

ৰঞ্জী ট্ৰফীত চাৰ্ভিছেচৰ বিৰুদ্ধে পৰাস্ত অসম

ৰঞ্জী ট্ৰফীত চাৰ্ভিছেচৰ বিৰুদ্ধে পৰাস্ত অসম

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  17 Dec 2018 12:55 PM GMT

ৰঞ্জী ট্ৰফীত ব্যৰ্থতাৰ ধাৰা অব্যাহত ৰাখি গ্ৰুপ-চিৰ ৰাউণ্ড-৬ ৰ এখন খেলত চাৰ্ভিছেচৰ বিপক্ষে সহজে পৰাস্ত হয় অসম। টছত প্ৰথমে জয়ী হৈ চাৰ্ভিচেছে অসমক প্ৰথমে বেটিঙ কৰিবলৈ আমন্ত্ৰণ জনাই। প্ৰথম ইনিংছত অসমে আটাইকেইটা উইকেট হেৰুৱাই ২১১ ৰাণ সংগ্ৰহ কৰে। অসমৰ হৈ গকুল শৰ্মাই ৪৯ ৰাণ আৰু অমিত সিনহাই ৫৬ ৰাণ সংগ্ৰহ কৰে।

অসমৰ প্ৰথম ইনিংছৰ প্ৰতুত্তৰত চাৰ্ভিচেছে অধিনায়ক ৰজত পালিৱালৰ দৰ্শনীয় শতৰাণৰ সহায়ত আটাইকেইটা উইকেট হেৰুৱাই ৩৯৬ ৰাণ সংগ্ৰহ কৰে।ৰজত পালিৱালে ১৮০ ৰাণ আৰু নবনিত সিঙে ৭৯ ৰাণ সংগ্ৰহ কৰে। অসমৰ হৈ বলিঙত জিতুমণি কলিতাই ৩ টা উইকেট দখল কৰে। ৰঞ্জিত মালী, মুখটাৰ হুছেইন, মৃণ্ময় দত্তই দুটাকৈ উইকেট দখল কৰে। প্ৰথম ইনিংছত বৃহৎ ব্যৱধানত পিছপৰি ৰোৱা অসমে দ্বিতীয় ইনিংছত আটাইকেইটা উইকেট হেৰুৱাই সংগ্ৰহ কৰে ২৫৬ ৰাণ। দ্বিতীয় ইনিংছতো অসমৰ হৈ গকুল শৰ্মাই অৰ্ধশতকীয় ইনিংছ খেলি সংগ্ৰহ কৰে ৫৬ ৰাণ, স্বৰূপম পূৰুকায়স্থয় সংগ্ৰহ কৰে ৭৪ ৰাণ। চাৰ্ভিছেচৰ হৈ বলিঙত দ্বিৱেছ পাথাৰিয়াই দখল কৰে ৫ টা উইকেট।

৭৫ ৰাণৰ সহজ লক্ষ্য আগত ৰাখি খেলিব আৰম্ভ কৰা চাৰ্ভিছেচে এটাও উইকেট নেহেৰুৱাকৈ প্ৰয়োজনীয় ৰাণখিনি সংগ্ৰহ কৰি লয়।

অধিক খবৰৰ বাবে পঢ়ক খেলৰ বাতৰি

Next Story
চাকৰি