Begin typing your search above and press return to search.

ৰহাৰ গড়মাৰীত ভয়ংকৰ পথ দূৰ্ঘটনা

ৰহাৰ গড়মাৰীত ভয়ংকৰ পথ দূৰ্ঘটনা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  29 Oct 2018 11:38 AM GMT

নগাঁও জিলাৰ ৰহাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা । ডাম্পাৰৰ খুন্দাত থিতাতে নিহত এজন বাইক আৰোহী যুৱক । যুৱকজনৰ নাম পৰাগ মছৰং বুলি জানিব পৰা গৈছে ৷

জানিব পৰা মতে ৰহাৰ লাউফুলাবড়িৰ পৰাগ মছৰং নামৰ প্ৰায় ২০বছৰীয়া যুৱকজনে ঘৰৰ পৰা নিজৰ এএছ-১২ইউ-১৫৭৩ নম্বৰৰ বাইকখনেৰে ৰহালৈ আহি আছিল আৰু ৰহা গড়মাৰীত মীন মহাবিদ্যালয়ৰ সন্মুখত এনএল-০১এবি-৭১৮৮ নম্বৰৰ ডাম্পাৰখনৰ লগত সংঘৰ্ষ লাগে ৷ফলত দুৰ্ঘটনাস্থলীতে নিহত হয় যুৱকজন৷

ইপিনে দুৰ্ঘটনা সংঘটিত কৰি ডাম্পাৰখনে ৰহা থানাত আত্মসমৰ্পন কৰিছে ৷যুৱকজনৰ এই আকস্মিক মৃত্যুত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে ৷ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷

Next Story