Begin typing your search above and press return to search.

ৰাইজক এনআৰচি সম্পৰ্কত শান্তি আৰু সংহতি বজাই ৰাখিবলৈ আহ্বান

ৰাইজক এনআৰচি সম্পৰ্কত শান্তি আৰু সংহতি বজাই ৰাখিবলৈ আহ্বান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  16 Aug 2018 8:39 AM GMT

সদৌ কাচাৰ কৰিমগঞ্জ হাইলাকান্দি ছাত্ৰ সন্থাৰ সভাপতি তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা প্ৰদীপ দত্ত ৰয়ে সাধাৰন জনতাক কয় যে দেশৰ উচ্চতম ন্যায়ালয়ৰ বিশ্বাস ৰাখিবলৈ আহ্বান জনাইছে।মই এনআৰচি ৰাজ্যিক সমন্নয়ক প্ৰতীক হাজেলাৰ লগত কথা পাতিছো,কোনো চিন্তা কৰাৰ প্ৰয়োজন নাই,সকলোৱে শান্তি আৰু সংহতি বজাই ৰাখিব।দত্তই এনআৰচিৰ নামত ৰাজনীতি নকৰিবলৈ সকিয়াই দিছে।

লগতে সংগঠনটোৰ সভাপতি জনে কয় যে প্ৰকাশ পোৱা এনআৰচি খন এখন খচৰাহে,চূড়ান্ত নহয়,বাদ পৰা সকলে আবেদন আৰু দাবী উত্থাপন কৰিব পাৰিব তাৰ পাছতহে চূড়ান্ত খচৰা প্ৰকাশ হব।লগতে নেতাজনে কয় যে প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম এনআৰচিৰ পৰা কোনোকাৰনতে বাদ নপৰে।বাদ পৰা সকলে চিন্তা কৰাৰ প্ৰয়োজন নাই,এইখন এখন খচৰাহে,প্ৰকাশৰ পাছত সকলো লোকে দাবী উত্থাপন কৰাৰ সুযোগ লাভ কৰিব। এনআৰচিৰ সেৱা কেন্দ্ৰসমূহত দাবী জনোৱাৰ সুবিধা থাকিব।এনআৰচিৰ সকলো কাম দেশৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত অতি নিকা আৰু সচ্চ ভাৱে হৈ আছে।

Next Story
চাকৰি