Begin typing your search above and press return to search.

সীমান্তৰ যিকোনো পৰিস্থিতিৰ প্ৰত্যুত্তৰ দিবলৈ সাজু থাকিবলৈ নিৰ্দেশ: ৰাজনাথ সিঙ

সীমান্তৰ যিকোনো পৰিস্থিতিৰ প্ৰত্যুত্তৰ দিবলৈ সাজু থাকিবলৈ নিৰ্দেশ: ৰাজনাথ সিঙ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 Feb 2019 11:01 AM GMT

কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত দিল্লীত গুৰুত্বপূৰ্ণ বৈঠক অনুস্থিত হয়। বৈঠকত উপস্থিত থাকে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল, গৃহ সচিব, RAW আৰু IBৰ মুৰব্বী। নৰ্থ ব্লকত অনুষ্ঠিত হয় এই গুৰুত্বপূৰ্ণ বৈঠক। বৈঠকৰ পাছতে গৃহ মন্ত্ৰী ৰাজনাথ সিঙে ভাৰত- পাক সীমান্তৰ সেনা সকলক, বিশেষকৈ BSF ক সতৰ্ক থাকিবলৈ কৈছে আৰু পাকিস্তানয যিকোনো আক্ৰমণৰ প্ৰত্যুত্তৰ দিবলৈ নিৰ্দেশ দিছে ।

সাধাৰণ নাগৰিক সকলক সুৰক্ষিত ৰাখি প্ৰত্যুত্তৰ দিবলৈ নিৰ্দেশ দিছে ৰাজনাথ সিঙে । পাকিস্তানে ভাৰতক ৰক্তাক্ত কৰিবলৈ যিকোনো মুহুৰ্তত সুযোগ বিচাৰিব । সেয়েহে বিষেশকৈ নিশাৰ ভাগত অধিক সতৰ্ক থাকিবলৈ নিৰ্দেশ গৃহ মন্ত্ৰীৰ । বৈঠকৰ পাছতে যিকোনো পৰিস্থিতিৰ বাবে সাজু থাকিবলৈ কয় সেনা বাহিনীক । জম্বুৰ সীমান্তৰ কাষৰীয়া অঞ্চলত সমুহৰ গাঁও সমুহত হাই এলাৰ্ট জাৰি কৰিছে প্ৰশাসনে । আজি পুৱা পাকিস্তানে কৰা গুলীচালনাত ভাৰতীয় সেনাই যোগ্য প্ৰত্যুত্তৰ দিয়ে বুলি প্ৰকাশ কৰে । বৈঠকত উপস্থিত থাকে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল, গৃহ সচিব, RAW আৰু IB ৰ মুখ্য আৰু নিৰাপত্তাৰক্ষীৰ শীৰ্ষ বিষয়া। সুত্ৰই BSF জনোৱা মতে সীমান্তৰ সাধাৰণ নাগৰিক সকল পাকিস্তানৰ আক্ৰমণৰ লক্ষ্য নহয়। বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণত আছে বুলি প্ৰকাশ কৰে ।

পাক অধিকৃত কাশ্মীৰত ভাৰতীয় সেনাৰ আক্ৰমণৰ পাছত উত্তপ্ত হৈ পৰিছে। ১৪ ফেব্ৰুৱাৰীত পুলোৱামাত কাণ্ডৰ ১২ দিনৰ পাছতে ভাৰতৰ ছাৰ্জিকেল ষ্ট্ৰাইক পাক সন্ত্ৰাসবাদী সংগঠনৰ ঘাটিত সংঘটিত কৰে । প্ৰায় ৩৫০ সন্ত্ৰাসবাদী নিহত হোৱাৰ পাছত পুৱাৰে পৰা পাকিস্তানে বায়ুৰে প্ৰত্যুত্তৰ দিয়ে । সীমান্তত গুলীয়া গুলীৰ ঘটনাৰ সংঘটিত কৰে । ভাৰতেও যোগ্য প্ৰত্যুত্তৰ দিয়ে পাকিস্তানক |

Next Story
চাকৰি