Begin typing your search above and press return to search.

ৰাজনৈতিক শিষ্টাচাৰ নথকা এজন অভদ্ৰ ব্যক্তি নৰেন্দ্ৰ মোদী: দেৱব্ৰত শ‌ইকীয়া

ৰাজনৈতিক শিষ্টাচাৰ নথকা এজন অভদ্ৰ ব্যক্তি নৰেন্দ্ৰ মোদী: দেৱব্ৰত শ‌ইকীয়া

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 Dec 2018 2:39 PM GMT

"বিজেপি দলটোৰ যেনেকৈ শিষ্টাচাৰৰ অভাৱ থিক তেনেকৈ ৰাজনৈতিক শিষ্টাচাৰ নথকা এজন অভদ্ৰ ব্যক্তি নৰেন্দ্ৰ মোদী"।বুধবাৰে ৰাজীৱ ভৱনত অনুষ্ঠিত এক সংবাদমেলত কংগ্ৰেছৰ বিধায়ক দেৱব্ৰত শ‌ইকীয়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বগীবিল দলঙ উদ্ধোধনৰ পিছত প্ৰধানমন্ত্ৰীয়ে কংগ্ৰেছে অসমৰ বাবে একো কাম কৰা নাই বুলি কোৱা মন্তব্যৰ তীব্র বিৰোধিতা কৰি মোদীক অভদ্ৰ বুলি মন্তব্য কৰে।

"লোকৰ পিঠাৰে বিহু পতাৰ স্বভাৱত সিদ্ধহস্ত নৰেন্দ্ৰ মোদীয়ে ঢলা শদিয়াৰ দলঙেই হ‌ওঁক বা বগীবিল দলঙেই হ‌ওঁক উদ্ধোধনৰ সময়ত নূন্যতমো কৃতজ্ঞতা নজনাই কংগ্ৰেছ অথবা প্ৰকল্প আৰম্ভ কৰা ব্যক্তি আৰু চৰকাৰ সমূহক। আগৰ চৰকাৰে অধিকাংশ কাম শেষ কৰাৰ পিছতো নিজৰেই বাহ বাহ লয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।"সংবাদমেলত এইদৰে তীব্ৰ বাক্যবান প্ৰক্ষেপ কৰে দেৱব্ৰত শ‌ইকীয়াই।

"সদায় কথাৰ ফুলজাড়ি মৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যিমানেই বাহ বাহ লব চেষ্টা নকৰক কিয় ইউ পি এ চৰকাৰৰ দিনতে প্ৰধানমন্ত্ৰী মনমোহন সিঙে বগীবিল প্ৰকল্পক ৰাষ্ট্ৰীয় প্ৰকল্প হিচাপে প্ৰায় ৩২০ কোটি টকা ঘোষণা কৰিছিল আৰু লগতে গেছ ক্ৰেকাৰ প্ৰকল্প‌ও ভূতপূৰ্ব প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ বাবেই হৈছিল" বুলি মন্তব্য কৰে দেৱব্ৰত শ‌ইকীয়াই।

"পৃথিৱীৰ এজন আজন্ম অভিনেতা, এজন অক্লান্ত ফাঁকিবাছ নৰেন্দ্ৰ মোদী" কেৱল নিজৰ ৰাজনৈতিক মুনাফা লাভৰ বাবেই নৰেন্দ্ৰ মোদীয়ে ভাষণৰ ফুলজাড়ি মাৰি ৰাইজক আভুৱা ভৰি আহিছে বুলি মন্তব্য কৰে জেষ্ঠ কংগ্ৰেছী নেতা প্ৰদ্যুত বৰদলৈয়ে।

দলঙৰ মাজত কোনো লোক নথকা স্থানতো গামোচা জোকাৰি থকাটো নৰেন্দ্ৰ মোদীৰ অভিনয়ৰ চৰম পৰ্যায় বুলিও ইতিকিং কৰে বৰদলৈয়ে।

বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰৰ লগত থকা বিহাৰৰ মূখ্যমন্ত্ৰী নিতিশ কুমাৰে ৰেলমন্ত্ৰী হৈ থকাৰ সময়তে বগীবিল দলঙৰ নিৰ্মাণত ৰেল লাইন নিৰ্মাণৰ প্ৰকল্প সলনি কৰি কেৱল পথ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল বুলি মন্তব্য কৰে প্ৰদ্যুত বৰদলৈয়ে।

কুলি চৰায়ে আনৰ বাহত কণী পৰাৰ স্বভাৱৰ নৰেন্দ্ৰ মোদীয়ে নামানিলেও কংগ্ৰেছৰ দিনতে বগীবিল প্ৰকল্প ঠন ধৰি উঠিছিল বুলি দাবী কৰে বৰদলৈয়ে।

ইতিহাস বিকৃত কৰা দল বিজেপিয়ে কেৱল ৰাইজক বিভ্ৰান্ত কৰে ২০১৪ চনৰ অসমৰ বাবে কৰা ডাঙৰ ডাঙৰ মন্তব্য সমূহ আজি ফুটুকাৰ ফেনত, ১৪ মে ৰ পিছত টালি টোপোলা বান্ধি বাংলাদেশ যাব লাগিব বুলি কোৱা কথা, ২৫ লাখ নিৱনুৱাৰ চাকৰি কি হ'ল? সোৱণশিৰীৰ প্ৰকল্প বন্ধ কৰাৰ কথা কোৱা কোৱা বিজেপি চৰকাৰে নিজেই বান্ধ সম্পৰ্কীয় আইন অনাৰ বাবে প্ৰস্তুতি চলাইছে বুলি মন্তব্য কৰে কংগ্ৰেছৰ বিধায়ক ৰকিবুল হুছেইনে। তৰুণ গগৈয়ে আধাৰশিলা স্থাপন কৰা নগাঁও মেডিকেল কলেজ আৰু সদ্যহতে হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা কোকৰাঝাৰ মেডিকেল কলেজৰ আধাৰশিলা তৰুণ গগৈয়ে কৰাৰ পিছতো আকৌ নতুনকৈ কৰাৰ কথাই বিজেপি চৰকাৰৰ প্ৰকৃত স্বৰূপ উদঙাই তোলে বুলি সংবাদমেলত মন্তব্য কৰে ৰকিবুল হুছেইনে।

Next Story
চাকৰি