Begin typing your search above and press return to search.

ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীলৈ শ্ৰদ্ধাঞ্জলী জ্ঞাপন

ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীলৈ শ্ৰদ্ধাঞ্জলী জ্ঞাপন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  21 May 2019 11:58 AM GMT

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উদ্যোগত ভাৰতৰ প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী মৃত্যু দিৱসৰ উপলক্ষে ৰাজীৱভৱনত শ্ৰদ্ধাঞ্জলিৰ জ্ঞাপন কৰে দলীৰ নেতৃবৃন্দই । প্ৰয়াত ৰাজীৱ গান্ধীক অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈয়ে কয় যে আজিৰ দিনটোক সমগ্ৰ দেশ বাসীৰ কাৰণে দুৰ্ভাগ্যপূৰ্ণ দিন ।প্ৰয়াত নেতা ৰাজীৱ গান্ধীয়ে এখন নতুন তথা সমৃদ্ধিশালী ভাৰত গঢ়াৰ সপোন দেখিছিল। গতিকে তেনে এজন নেতাৰ আমাৰ মাজৰ পৰা এনেদৰে হেৰাই যোৱাটো দেশৰ কাৰণে অপুৰণীয় ক্ষতি ৷

লগতে আজি ৰাজনীতিৰ প্ৰেক্ষাপতত ৰাজীৱ গান্ধীৰ আদৰ্শ আৰু প্ৰাসংগিকতা বেছি বুলি মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৷ গগৈয়ে ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী প্ৰয়াত জৱাহৰলাল নেহেৰুক স্মৰণ কৰি কয় যে নেহেৰুৱে ধৰ্মনিৰপেক্ষতাৰ ওপৰত গুৰুত্ব দিছিল ৷ সমন্বয়ৰ ওপৰতো গুৰুত্ব দিছিল ৷ সকলো জাতি ধৰ্ম বৰ্ণক একত্ৰিত কৰিছিল জৱাহৰলাল নেহেৰুৱে ৷

ইফালে সম্প্ৰতি ৰাজ্যত ২৩ মে’ত ঘোষণা হ’ব লগীয়া নিৰ্বাচনী ফলাফলৰ এগজিট প’লে যথেষ্ট চৰ্চা লাভ কৰিছে ৷ এই সন্দৰ্ভত তৰুণ গগৈয়ে কয় যে মই এগজিট প’ল বিশ্বাস নকৰোঁ , যদিও ইয়াৰ প্ৰাসংগিকতা আছে ৷ কিন্তু ২০০৪ আৰু ২০০৯ চনত কংগ্ৰেছ চৰকাৰ জয়ী হ’ব বুলি এগজিট প’লত কোৱা নাছিল বুলি কয় তৰণ গগৈয়ে ৷

লগতে অনাগত দিনত এনডিএ চৰকাৰ হ’ব পাৰে ৷ কিন্তু তেওঁলোকে উন্নয়নৰ সামগ্ৰিক বিষয়সমূহ নিবনুৱা সমস্যা সমাধান,দুৰ্নীতি নিৰ্মূলকৰণ,উদ্যোগ স্থাপন, প্ৰযুক্তি বিদ্যা,অৰ্থনৈতিক উন্নয়নৰ পৰা আঁতৰি গৈ জনসাধাৰণৰ মাজত বিভেদ মাতি আনিছে বুলি কয় প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈয়ে ৷

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ লগতে এই অনুষ্ঠানত উপস্থিত আছিল ভূমিধৰ বৰ্মন,জেষ্ঠ্য নেতা শৰৎ বৰকটকী,আৰু আব্দুল খালেককে ধৰি বহু দলী নেতা কৰ্মী ৷

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story
চাকৰি