Begin typing your search above and press return to search.

ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ কাৰণে ব্যাপক প্ৰস্তুতি: প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পিছত ১২ ডিচেম্বৰত ভোটগণনা

ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ কাৰণে ব্যাপক প্ৰস্তুতি: প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পিছত ১২ ডিচেম্বৰত ভোটগণনা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  8 Dec 2018 5:56 AM GMT

যুদ্ধংদেহী পৰিস্থিতিৰে কৰা নিৰ্বাচনী প্ৰচাৰ অন্তত ৰাজ্যত হ’বলৈ গৈ আছে দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন ৷ শুক্ৰবাৰে দ্বিতীয় পৰ্যায়ৰ পঞ্চায়তৰ নিৰ্বাচনী প্ৰচাৰৰ অন্ত পৰে ৷ দেওবাৰে পুৱা ৭ বজাৰ পৰা বিয়লি ৩ বজালৈ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব ভোটগ্ৰহণ কেন্দ্ৰসমূহত। দেওবাৰে অনুষ্ঠিত হ’ব লগীয়া দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহত ৩৫,০৫৬ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৬৪,২১,৫১৮ গৰাকী ভোটাৰে ৷

ইয়াৰ ভিতৰত জিলা পৰিষদৰ ১৬৯ জন সদস্য,৮৯৫ গৰাকী আঞ্চলিক পঞ্চায়তৰ সদস্য,৮৯৫ জন গাঁও পঞ্চায়তৰ সভাপতি আৰু ৮৯৫০ গৰাকী গাঁও পঞ্চায়তৰ সদস্য দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে ৷ ৰাজ্যখনৰ ১০ খন জিলাত হ’ব লগা দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ৯,৪২৮ ভোটগ্ৰহণ কেন্দ্ৰৰ ভিতৰত ৩,০৮১ টা ভোটকেন্দ্ৰ স্পৰ্শ কাতৰ আৰু ১,৮৬৬ টা ভোটগ্ৰহণ কেন্দ্ৰ অতি স্পৰ্শকাতৰ কেন্দ্ৰ হিচাপে পৰিগণিত হৈছে৷

ইফালে শুক্ৰবাৰে অন্ত পৰা নিৰ্বাচনী প্ৰচাৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল,ৰাজ্যিক বিত্ত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা,অসম গণ পৰিষদৰ সভাপতি অতুল বৰা,প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই নিৰ্বাচনী যুঁজৰ সন্মান ৰক্ষাৰ কাৰণে ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব লগা জিলাসমূহত নিৰ্বাচনী প্ৰচাৰ কৰে ৷

উল্লেখ্য যে,ৰাজ্যৰ বৰপেটা,বঙাইগাঁও, কাছাৰ,ধুবুৰী, গোৱালপাৰা, হাইলাকান্দি,হোজাই, কৰিমগঞ্জ,দক্ষিণ শালমাৰা মানকাছাৰ আৰু নলবাৰীকে ধৰি ১০ খন জিলাত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব ৷ ইফালে প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনত হোৱা বিসংগতিৰ কাৰণে ৭ ডিচেম্বৰত হোৱা পুনৰ নিৰ্বাচন শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হয় ।

লগতে শুক্ৰবাৰে হোৱা পুনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়াত ৭৩.১৬ শতাংশ ভোটদান সম্পন্ন হয় ৷ লগতে লক্ষীমপুৰৰ ২৭ টা ভোটগ্ৰহণ কেন্দ্ত ভোটদান প্ৰক্ৰিয়া অনুষ্ঠিত হ’ব ডিচেম্বৰৰ ১০ তাৰিখে ৷ ইফালে,পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা হ’ব ১২ ডিচেম্বৰত ৷

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি