Begin typing your search above and press return to search.

ৰাজ্যত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ৰনডংকা

ৰাজ্যত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ৰনডংকা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  4 Dec 2018 7:51 AM GMT

পঞ্চায়ত নিৰ্বাচনলৈ মাজত মাথো কেইটিমান ক্ষণ বাকী ৷ ৰাজ্যৰ সৰ্বত্ৰে প্ৰথম পযায়ৰ নিৰ্বাচনৰ কাৰণে সাজু হৈছে সকলো। আক্ৰমণ প্ৰত্যাক্ৰমণেৰে পঞ্চায়ত নিৰ্বাচনৰ কাৰণে কৰা ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰ সোমবাৰে অন্ত পৰে ৷৫ ডিচেম্বৰ অৰ্থাৎ বুধবাৰে ৰাজ্যৰ ১৬ খন জিলাত পুৱা ৭ বজাৰ পৰা বিয়লি ৩ বজালৈ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

ইফালে,শাসক দল বিজেপি,বিৰোধী কংগ্ৰেছ,এ আই ইউ ডি এফৰ লগতে চৰকাৰৰ অংশীদাৰ দল অগপয়ো প্ৰতিদ্বন্দ্বিতাত নামিছে৷"দ্য চেন্টিনেলৰ"ৰ লগত হোৱা এক সাক্ষাৎকাৰত নিৰ্বাচনী আয়ুক্ত হৰেন্দ্ৰ নাথ বৰাই কয় যে,ৰাজ্যত বুধবাৰে অনুষ্ঠিত হ’ব লগা প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ কাৰণে আমি সাজু হৈছো৷প্ৰত্যেকখন ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ কাৰণে যাৱতীয় ব্যৱস্থা কৰা হৈছে । প্ৰশাসনে ভোটগ্ৰহণ কেন্দ্ৰসমূহত নিৰাপত্তাৰ যাৱতীয় ব্যৱস্থা কৰিছে ৷

লগতে ৰাজ্যত শান্তিপূৰ্ণ ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ আশা কৰে নিৰ্বাচনী আয়ুক্ত হৰেন্দ্ৰ নাথ বৰাই ৷ উল্লেখ্যযোগ্য যে,এইবাৰ পঞ্চায়ত নিৰ্বাচন দুটা পৰ্যায়ত অনুষ্ঠিত কৰা হৈছে। মুঠ ২৬,৮০৮ টা পদৰ বাবে এইবাৰ ৮৭,৫৭১গৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে। ইফালে এইবাৰ পঞ্চায়ত নিৰ্বাচনত ৭৩৪ গৰাকী প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে। ইয়াৰ ভিতৰত প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনত ৪৩,৫১৫ গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’ব।

ইয়াৰ ভিতৰত জিলা পৰিষদৰ ২৫১ পদত ৭৯৬ গৰাকী প্ৰাৰ্থী,আঞ্চলিক পঞ্চায়তৰ সদস্যৰ ১৩০৪ পদত ৩৭৯৯ গৰাকী প্ৰাৰ্থী,গাওঁ পঞ্চায়তৰ সভাপতিৰ ১৩০৪ পদত ৪,১৫৫ জন প্ৰাৰ্থী,গাঁও পঞ্চায়ত সদস্যৰ ৩৪,৭৬৫ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব ৷ অন্যহাতে পঞ্চায়ত নিৰ্বাচনৰ কাৰণে ৰাজ্যত নিৰাপত্তাপত্তাৰ ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে ৷ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে পাঁচ ডিচেম্বৰত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱা ৰাজ্যৰ ১৬ জিলাত ড্ৰাই ডে ঘোষণা কৰা হৈছে।

অন্য খবৰৰ বাবে পঢ়ক: শীৰ্ষ বাতৰি

Next Story
চাকৰি