Begin typing your search above and press return to search.

ৰাজ্যৰ বিত্ত বিভাগৰ নিৰ্দেশৰ পিছতে কিয় হুৱা-দূৱা লাগিছে ৰাজ্যৰ অইন বিভাগ সমূহৰ মাজত?

ৰাজ্যৰ বিত্ত বিভাগৰ নিৰ্দেশৰ পিছতে কিয় হুৱা-দূৱা লাগিছে ৰাজ্যৰ অইন বিভাগ সমূহৰ মাজত?

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 Dec 2018 8:28 AM GMT

অসম চৰকাৰৰ বিত্ত বিভাগে চলিত বিত্তয় বৰ্ষৰ বাবে বিভিন্ন বিভাগক ধন আদায় দিয়াৰ ক্ষেত্ৰত জাৰি কৰা শেহতীয়া নিৰ্দেশে অস্বস্তিত পেলাইছে বিভিন্ন বিভাগক।ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত থকা বিত্ত বিভাগে ৰাজ্যৰ অন্য বিভাগ সমূহক আচনিৰ ধন সমূহ গ্ৰহণৰ ক্ষেত্ৰত আগতিয়াকৈ অতি কম সময়ৰ ভিতৰত আচনি সমূহ জমা দিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। দেশৰ নিৰ্বাচন আয়োগে আগন্তুক লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পূৰ্বে চলিত বিত্তিয় বৰ্ষৰ আচনিৰ ধন সমূহ আদায় দিয়াৰ বাবেই বিত্ত বিভাগে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

বিত্ত বিভাগৰ এই নিৰ্দেশৰ পিছতেই এতিয়া ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগ সমূহৰ মাজত হুৱা-দূৱা লাগিছে, বহু বিভাগে অতি কম সময়ৰ ভিতৰত কেনেদৰে এতিয়া আচনি সমূহ বিত্ত বিভাগক জমা দিব তাকে লৈ চিন্তাত পৰিছে। বহু কেইটা বিভাগত আজি পৰ্যন্ত আচনি সমূহ সন্দৰ্ভত কোনো ধৰণৰ গাইড লাইন নাই। অসম চৰকাৰৰ বিত্ত বিভাগৰ মূখ্য সচিৱ সমীৰ কুমাৰ সিনহাই ৰাজ্যৰ অন্য বিভাগ সমূহগক ১৩ ডিচেম্বৰতে এই সম্পৰ্কে জাননী জাৰী কৰিছে। মূখ্য সচিৱ গৰাকীয়ে কয় যে ২০১৯ চনত অনুষ্ঠিত হব লগা লোক নিৰ্বাচনৰ দিন নিৰ্বাচন আয়োগে ঘোষণা কৰাৰ লগে লগে সমগ্ৰ দেশত নিৰ্বাচনী বিধি সমূহ কাৰ্য্যকৰী হব। নিৰ্বাচনী বিধি বলবৎ হোৱা অৱস্থাত প্ৰসাশনিক কাম-কাজ সমূহ, আচনিত আনুমোদন জনোৱা আদি কামসমূহ আগবঢ়াই নিয়াটো সম্ভৱপৰ নহ'ব।ইয়াৰ ফলত বিভিন্ন প্ৰকল্পৰ বাবে প্ৰশাসনে অনুমোদন জনাব নোৱাৰিব।

ভাৰতীয় নিৰ্বচন আয়োগে ২০১৯ চনৰ ফ্ৰেব্ৰুৱাৰী মাহৰ শেষৰ ফালে অথবা মাৰ্চ মাহৰ প্ৰথম সপ্তাহত লোকসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰাৰ সম্ভাবনা আছে। বিত্তিয় সচিৱ গৰাকীয়ে সূচনা যোগে জনোৱা আনুসৰি ৰাজ্যৰ বিত্তীয় বৰ্ষৰ ধন সমূহৰ সঠিক ব্যৱহাৰ কৰাৰ বাবে নতুন বছৰৰ জানুৱাৰী মাহৰ ৩১ তাৰিখ বিত্তিয় বিভাগে নতুন আচনিৰ প্ৰস্তাৱ গ্ৰহণৰ অন্তিম দিন বান্ধি দিছে। বিভাগে ২০১৯ চনৰ ফ্ৰেব্ৰুৱাৰী মাহৰ ১৫ তাৰিখ সম্পুৰ্ণ আচনিৰ সবিশেষ গ্ৰহণৰ অন্তিম দিন হিচাপে ঘোষণা কৰিছে। সিনহাই স্পষ্ট ভাষাৰে কয় যে বিভাগে কোনো কাৰণতে নিৰ্ধাৰণ কৰা অন্তিম সময়সীমা বৃদ্ধি নকৰে।সাধাৰণতে বাজেট সংক্ৰান্তিয় প্ৰস্তাৱ সমূহ প্ৰতিবছৰে মাৰ্চ মাহৰ ৩১ তাৰিখলৈ গ্ৰহণ কৰি থকা হৈছিল।

অসম চৰকাৰৰ বিত্তীয় বিভাগৰ এই নিৰ্দেশৰ পিছত ৰাজ্যৰ অন্য বিভাগ সমূহৰ বিভাগীয় বিষয়া সমূহৰ মাজত যে হাহাকাৰ সৃষ্টি হৈছে সেয়া নিশ্চিত। এতিয়া ৰাজ্যখনৰ বিয়াগোম বিভাগবোৰৰ কিমানটা বিভাগে বান্ধি দিয়া অন্তিম সময়সীমাৰ ভিতৰত নিজৰ নিজৰ প্ৰস্তাৱ সমূহ জমা দিব পাৰিব সেয়া লক্ষ্যণীয় হব।ৰাজ্যখনৰ বহু বিভাগক অৰাজক অৱস্থা চলি থকা সময়ত এই নিৰ্দেশে বিশেষ তাৎপৰ্য্য বহন কৰিছে।

অধিক খবৰৰ বাবে পঢ়ক শীৰ্ষ বাতৰি

Next Story
চাকৰি