Begin typing your search above and press return to search.

ৰাফেল বিতৰ্ক: এটা বিস্ফোৰক অডিঅ ক্লিপ কংগ্ৰেছৰ হাতত

ৰাফেল বিতৰ্ক: এটা বিস্ফোৰক অডিঅ ক্লিপ কংগ্ৰেছৰ হাতত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2 Jan 2019 1:25 PM GMT

এইবাৰ ৰাফেল বিতৰ্কই লৈছে আন মোৰ। এটা বিতৰ্কিত অডিঅ ক্লিপে বিপদত পেলাব নেকি শাসকীয় বিজেপি দলক। ৰাফাল বিতৰ্ক সন্দৰ্ভত এইবাৰ এটা বিস্ফোৰক অডিঅ ক্লিপছ প্ৰকাশ কৰিলে জাতীয় কংগ্ৰেছে। এই বিস্ফোৰক অডিঅ ক্লিপছটো মুকলি কৰি কংগ্ৰেছে ৰাফেল চুক্তিৰ ক্ষেত্ৰত প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী মনোহৰ পাৰিকৰে এই চুক্তি সম্পৰ্কীয় ভালেমান নথি পত্ৰ গোপন কৰিছে বুলি অভিযোগ কৰিছে। গোৱাৰ এজন বিজেপিৰ মন্ত্ৰীয়ে এই সম্পৰ্কে মন্তব্য কৰিছে বুলি অভিযোগ কৰিছে কংগ্ৰেছে।

আজি লোকসভাত কংগ্ৰেছৰ সৰ্বভাৰতীয় সভাপতি ৰাহুল গান্ধীয়ে ৰাফেল প্ৰসংগ উত্থাপন কৰে। কংগ্ৰেছে প্ৰকাশ কৰা সেই অডিঅ ক্লিপছক মিছা আখ্যা দিলে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী অৰুণ জেটলীয়ে। লোকসভাৰ অধ্যক্ষ সুমিত্ৰা মহাজনে এই প্ৰসংগত কয় যে কংগ্ৰেছে লৈ অহা এই অডিঅ ক্লিপছৰ সত্যতা কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে নিজেই প্ৰমাণ কৰিব লাগিব। কংগ্ৰেছে দাবী কৰে যে অডিঅ ক্লিপছটোত যি কন্ঠস্বৰ শুনা গৈছে সেয়া গোৱাৰ স্বাস্থ্যমন্ত্ৰী বিশ্বজিৎ পি ৰাণেৰ।

কংগ্ৰেছৰ অভিযোগ মতে প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী মনোহৰ পাৰিকাৰৰ ওচৰত ৰাফেল চুক্তি সংক্ৰান্তিয় বহু গোপন নথি পত্ৰ আছে। কংগ্ৰেছে প্ৰকাশ কৰা অডিঅ ক্লিপছত গোৱাৰ মন্ত্ৰী বিশ্বজিৎ ৰানেৰ মুখত সেই কথা শুনা গৈছে বুলি কংগ্ৰেছে আজি লোকসভাৰ মজিয়া উত্তাল কৰি তোলে। গোৱাৰ স্বাস্থ মন্ত্ৰী গৰাকীয়ে সেই অডিঅ ক্লিপছ ভূৱা বুলি দাবী কৰি সেয়া কংগ্ৰেছৰ অপপ্ৰচাৰ বুলি কয়। উল্লেখ্য যে যোৱা বছৰত কংগ্ৰেছৰ ৰাফেল সংক্ৰান্তিয় গোচৰত উচ্চতম ন্যায়ালয়ে বিজেপিক ক্লীন চিট প্ৰদান কৰিছিল।

অধিক খবৰৰ বাবে পঢ়ক ব্ৰেকিং নিউজ

Next Story
চাকৰি