Begin typing your search above and press return to search.
ৰাম চাচনী আৰু শিৱচৰণ দাসলৈ অসম চৰকাৰৰ চেনিৰাম কুৰ্মী বঁটা

চাহ জনগোষ্ঠীৰ জনপ্ৰিয় শিল্পী ৰাম চাচনী আৰু শিৱচৰণ দাসলৈ অসম চৰকাৰে ২০১৯ চনৰ চেনিৰাম কুৰ্মী বঁটা আগবঢ়াইছে । চাহ জনজাতি কল্যান বিভাগৰ মন্ত্ৰী পল্লব লোচন দাসে সংবাদমেলৰ জৰিয়তে দুয়োজন চাহ জনগোষ্ঠীৰ শিল্পীলৈ চেনিৰাম কুৰ্মী বঁটা আগবঢ়োৱাৰ কথা প্ৰকাশ কৰে ।
চাহ জনজাতি কল্যান বিভাগৰ উদ্যোগত ২১ৰপৰা ২৩ ফেব্ৰুৱাৰীলৈ ডিব্ৰুগড়ৰ চৌকিডিঙী খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া চাহ জনজাতি সাংস্কৃতিক সমাৰোহত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল এই বঁটা আনুষ্ঠানিক ভাৱে প্ৰদান কৰিব । বঁটাত থাকিব ৩ লাখকৈ টকা, তাম্ৰপত্ৰ, শৰাই আৰু অংগবস্ত্ৰ। সমাৰোহত প্ৰায় ৫০০ শিল্পীয়ে ঝুমুৰ নৃত্য পৰিবেশন কৰিব । বহুতো শিল্পীয়ে অংশগ্ৰহন কৰিব আৰু ৰাজ্যৰ বিভিন্ন লোকনৃত্য পৰিবেশ কৰিব বুলি প্ৰকাশ কৰে মন্ত্ৰী পল্লব লোচন দাসে।
Next Story