ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ দাবী আপত্তিৰ সময় সীমা বৃদ্ধিঃ ২৮ ফ্ৰেব্ৰুৱাৰীৰ পৰা হ’ব অনলাইন সংশোধন প্ৰক্ৰিয়া

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী অৰ্থাৎ NRC ত নাম নহা সকলৰ ক্ষেত্ৰত বা তেনে ধৰণৰ দোষ ক্ৰুটি সংশোধন কৰাৰ সময় সীমা সম্প্ৰতি ২৮ ফ্ৰেব্ৰুৱাৰীলৈ বৃদ্ধি কৰা হৈছে৷অৱশ্যে অফ লাইনৰে সংশোধন কৰা সকলৰ কাৰণে অন্তিম দিন ধাৰ্য কৰা হৈছে ৩১ জানুৱাৰী৷ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ বিশেষ সূত্ৰৰ অনুসৰি NRC ৰ দাবী আপত্তিৰ শুনানি আৰম্ভ হ’ব ১৫ ফেব্ৰুৱাৰীৰ পৰা ৷
ইফালে অনলাইনেৰে NRCৰ কাম কৰিব বিছৰাসকলে WWW.nrcassam.nic.in ত গৈ NRC DRAFT CORRECTION PORTAL ত শীৰ্ষ বুটামত গৈ ক্লিক কৰিব লাগে ৷ আবেদন কাৰীয়ে নিজৰ এআৰএন নম্বৰ (এপ্লিকেশ্যন ৰিছিপ্ট নম্বৰ)ত যাৱতীয় নথি পত্ৰৰ লগতে মোবাইল নম্বৰ আদিকে ধৰি বিভিন্ন তথ্যসমুহ পঞ্জীয়ন কৰিব লাগে৷অৱশ্যে যদি আবেদকে অফ লাইন পদ্ধতিৰে কাম সমূহ কৰিব বিচাৰে তেতিয়া NRC ৰ আবেদকসকলক ৩১ জানুৱাৰীৰ ভিতৰত নিৰ্ধাৰণ কৰা ফৰ্মত যাৱতীয় তথ্য পূৰণ কৰিব লাগিব ৷
অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি