Begin typing your search above and press return to search.

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ক্ষেত্ৰত সকলো যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ক্ষেত্ৰত সকলো যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  21 May 2019 7:43 AM GMT

কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ক্ষেত্ৰত আইন কানুন সম্বন্ধীয় স্থিতি নিয়ন্ত্ৰণৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰিছে ৷ ৰাজ্যৰ মুখ্য সচিব আৰু ডিজিপিৰ লগত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙৰ লগত আইন কানুন সম্বন্ধীয় এখন বৈঠক অনুষ্ঠিত কৰে ৷

এই বৈঠকত অন্তিম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰকাশৰ সময়ত ৰাজ্যত সৃষ্টি হ’ব পৰা পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰা হয়। সোনোৱাল আৰু ৰাজনাথ সিঙ দুয়োজনেই এই ক্ষেত্ৰত আশ্বাস দিয়ে যে প্ৰত্যেক নাগৰিকৰ সুৰক্ষা প্ৰদান কৰাৰ দায়িত্ব চৰকাৰৰ ৷ সোমবাৰে সৰ্বানন্দ সোনোৱালে কয় যে চূড়ান্ত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী সময়মতে প্ৰকাশ কৰা হয় ৷ আৰু চূড়ান্ত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত প্ৰকৃত ভাৰতীয় নাগৰিকসকলৰ নাম থাকিব।

কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙৰ লগত সাক্ষাৎ কৰাৰ পিছত সৰ্বানন্দ সোনোৱালে কয় যে উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিয়া অনুসৰি ৩১ জুলাইতে চূড়ান্ত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ তালিকা প্ৰকাশ কৰা হ’ব ৷ লগতে মুখ্যমন্ত্ৰী সোনোৱালে পুনৰাই ভাৰতীয় নাগৰিকসকলে এই ক্ষেত্ৰত কোনো সমস্যাৰ সন্মুখীন নহয় বুলি আশ্বাস প্ৰদান কৰে ৷ সোনোৱালে ৰাজনাথ সিঙক চূড়ান্ত এনআৰচিৰ প্ৰকাশৰ কাৰণে কৰা যাৱতীয় পদক্ষেপৰ বিষয়ে জনায় ৷

ইফালে সোনোৱালে এনআৰচিৰ প্ৰক্ৰিয়াত দাবী আপত্তি শুনানি প্ৰক্ৰিয়াত থাকিবলৈ আহ্বান কৰে ৷ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত দায়বদ্ধতাৰে কাম কৰি আহিছে বুলি উল্লেখ কৰে সোনোৱালে ৷সোনোৱালে প্ৰকৃত ভাৰতীয় নাগৰিক সকলক আশ্বাস দিয়ে যে তেওঁলোকে যিকোনো পৰিস্থিতিত যাতে শংকিত নহয় ৷ লগতে দাবী আপত্তিৰ সময়ত সকলো সহায় সহযোগিতাৰ আশ্বাস প্ৰদান কৰে ৷

গুৱাহাটীৰ গ্ৰেণেড বিস্ফোৰণৰ সম্পৰ্কত মুখ্যমন্ত্ৰী সোনোৱালে কয় যে সীমিত সময়ৰ ভিতৰত গ্ৰেণেড বিস্ফোৰণৰ সন্দৰ্ভত অসম আৰক্ষীৰ লোৱা পদক্ষেপ প্ৰশংসনীয় ৷ এনেধৰণৰ ঘটনাক গৰিহনা দি সোনোৱালে কয় যে ৰাজ্য চৰকাৰে অসমক সকলো দিশৰ পৰা বিকাশৰ পথত আগুৱাই লৈ যাব বিচাৰে ৷ গতিকে ৰাজ্য খনক ত্বৰান্বিত কৰাৰ কাৰণে শান্তিপূৰ্ণ পৰিবেশৰ প্ৰযোজন ৷

২৩ মে’ত ঘোষণা হ’ব লগীয়া নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত সোনোৱালে কয় যে এনডিএ চৰকাৰ পুনৰাই শাসনলৈ আহিব ৷ লগতে নৰেন্দ্ৰ মোডী দ্বিতীয়বাৰৰ কাৰণে আমাৰ প্ৰধানমন্ত্ৰী হ’ব ৷ সোনোৱালৰ লগত বৈঠকখনত ডিজিপি কুল শইকীয়া,আইজিপি এচ বী হিৰেন নাথৰ লগতে কেন্দ্ৰীয় গৃহসচিব ৰাজীৱ গোব্ৰা,সংযুক্ত সচিব সতেন্দ্ৰ গাৰ্গ উপস্থিত আছিল ৷

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি