Begin typing your search above and press return to search.

ৰাহুল গান্ধীক ৱায়ানাড়ৰ পুত্ৰ হিচাপে জ্ঞান কৰিব আহ্বান কংগ্ৰেছৰ সভাপতি গৰাকীৰ

ৰাহুল গান্ধীক ৱায়ানাড়ৰ পুত্ৰ হিচাপে জ্ঞান কৰিব আহ্বান কংগ্ৰেছৰ সভাপতি গৰাকীৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  17 April 2019 10:53 AM GMT

কেৰেলাৰ ৱায়ানাড়ত বৃহস্পতি বাৰে ৰাহুল গান্ধীয়ে নিৰ্বাচনী ৰেলীত অংশগ্ৰহণ কৰে। ৰেলীত অংশগ্ৰহণ কৰি ৰাহুল গান্ধীয়ে প্ৰকাশ কৰে যে যেতিয়া তেওঁ দ্বিতীয় এখন আসনৰ পৰা প্ৰতিদন্দ্বিতা কৰিব বুলি ভাবে প্ৰথমে ৱায়ানাড় সমষ্টিৰ কথাই মনলৈ আহে । দাক্ষিণ্যাত্য দেশৰ এক গুৰুত্বপূৰ্ণ অংশ বুলি প্ৰকাশ কৰে ৰাহুল গান্ধীয়ে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সমালোচনা কৰি ৰাহুল গান্ধীয়ে প্ৰকাশ কৰে যে প্ৰধানমন্ত্ৰী ৱায়ানাড়লৈ আহিছিল জনসাধাৰণৰ অন্তৰৰ কথা জানিবলৈ আৰু মন কি বাতৰ কথা প্ৰকাশ নকৰিলে মোদীয়ে । ৰাহুল গান্ধীয়ে কেৰেলাৰ বৈচিত্ৰক প্ৰসংসা কৰাৰ লগতে আৰ এচ এচক দেশত এটা এজেণ্ডা ৰুপায়ন কৰিবলৈ চেষ্টা কৰাৰ বাবে সমালোচনা কৰে।

লগতে ৰাহুল গান্ধীয়ে প্ৰকাশ কৰে যে কেৰেলা বিভিন্ন জাতি জনগোষ্ঠীৰ বৈচিত্ৰৰ উত্তম উদাহৰণ ।কেৰেলাৰ লোকে আনক সন্মান কৰিব জানে ।

কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে প্ৰকাশ কৰে যে কেৰেলাৰ যিকোনো সমস্যাত সদায় তেওঁ লগত আছে । কেৰেলা বাসীয়ে যাতে ৰাহুল গান্ধীক নিজৰ পুত্ৰ আৰু বন্ধু হিচাপে জ্ঞান কৰে ।

ৰেলীত অংশগ্ৰহণ কৰাৰ পুৰ্বে ৰাহুল গান্ধীয়ে থিৰুনেল্লী মন্দিৰত আশীষ গ্ৰহণ কৰে আৰু পিতৃৰ হৈ পূজা আগবঢ়াই।

কেৰেলাত তৃতীয় পৰ্যায় নিৰ্বাচন ২৩ এপ্ৰিলত অনুষ্ঠিত হব । কেৰেলাত ২০ টা সমষ্টি আছে । চি পি আই এম ভিত্তিৰ এল ডি এফ আৰু কংগ্ৰেছ সমৰ্থিত ইউ ডি এফৰ তীব্ৰ প্ৰতিদন্দ্বিতা হব । থ্ৰীচুৰ, পাঠনামথিতা আৰু তিৰুভান্নাথাপুৰামত বিজেপিয়ে শক্তিশালী প্ৰাৰ্থী প্ৰক্ষেপিত কৰিছে ।

অন্য খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

Next Story
চাকৰি